বাক্সা : বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে মুছলপুৰত উপস্থিত হৈ বাক্সা জিলাৰ সদৰ মুছলপুৰক আৰু অধিক উন্নত কৰিবৰ কাৰণে সোনকালে ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে মুছলপুৰত থকা জিলাখনৰ সাংস্কৃতিক ভৱনটো আৰু অধিক উন্নত মানৰ কৰি গঢ়ি তুলিব লাগিব।

প্ৰমোদ বড়োৱে লগতে মুছলপুৰত আলহী জিৰণি চ’ৰা বনোৱাৰ কাৰণেও ইতিমধ্যে বিটিআৰ চৰকাৰ-প্ৰশাসনে যো-জা চলাইছে বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। জিৰণি চ’ৰাৰ কাষতে লৰা-ছোৱালীৰ কাৰণে পাৰ্ক আদি বনোৱাৰ লগতে চাৰিওফালৰ পৰিৱেশ স্বচ্ছ আৰু নিকা কৰিবৰ কাৰণে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

লগতে পঢ়ক : টকিঅ’ অলিম্পিকৰ বাবে কিছু ভাল খবৰ

আনহাতে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে বাক্সা জিলাখন পুৰ্বতকৈও আৰু অধিক উন্নত কৰাৰ কাৰণে তেওঁলোকৰ চৰকাৰে কাম কৰি যাব। উল্লেখযোগ্য যে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মুছলপুৰৰ লগতে জিলাখনৰ বিভিন্ন স্থানলৈ গৈ কেইবাখনো গাঁও, দলং, ৰাস্তা-ঘাট, খোৱাপানী আদিৰ অৱস্থা নিৰিক্ষণ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply