গুৱাহাটী : পুনৰ খাকি পোছাকত কলংক। নাৰী দেহ ব্যবসায়ত জড়িত মহানগৰ আৰক্ষী। আৰক্ষীয়ে অভিযান চলাই আৰক্ষীৰ ঘৰত উৎখাত কৰিলে নাৰীদেহ চক্ৰ।
আৰক্ষীৰ খাকি পোছাকত পুনৰ দাগ লগালে আৰক্ষীয়ে। মহানগৰী গুৱাহাটীত আৰক্ষীৰ ঘৰতে চলি আছিল নাৰী দেহ ব্যৱসায়ী। নাৰী দেহৰ ব্যৱসায়ৰ ৰূপত স্বয়ং এগৰাকী আৰক্ষী বিষয়া।
মহানগৰীৰ বশিষ্ঠৰ চিআইডি আবাসী গৃহ নাৰী দেহৰ ঘাটিত পৰিণত হৈছে। আৰক্ষীৰ ঘৰতে চলিছে নাৰী দেহৰ ৰমৰমীয়া বেহা। বশিষ্ঠত আৰক্ষীয়ে অভিযান চলাই এগৰাকী আৰক্ষী বিষয়াৰ ঘৰত নাৰী দেহৰ চক্ৰ উৎখাত কৰিছে।
কমলুদ্দিন আহমেদ নামৰ এজন আৰক্ষী বিষয়াৰ ঘৰত আৰক্ষীয়ে উৎখাত কৰিছে নাৰী দেহ চক্ৰ। আৰক্ষীয়ে নাৰী দেহৰ চক্ৰ উৎখাত কৰিবলৈ যাওঁতে আৰক্ষী বিষয়াজনৰ ঘৰত উদ্ধাৰ হৈছে এডাল কেকো সাপ।
আৰক্ষী বিষয়া কমলুদ্দিন আহমেদৰ ঘৰত নাৰী দেহৰ ব্যৱসায় চলি থকাৰ অভিযোগ দীর্ঘদিন ধৰি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছিল।
জানিব পৰা মতে মৰিগাঁও জিলাৰ মায়ঙৰ পৰা অনা এগৰাকী যুৱতীয়ে কমলুদ্দিন আহমেদৰ ঘৰত নাৰী দেহৰ বে ব্যৱসায় চলাৰ ঘটনা পোহৰলৈ আনে।
লগতে পঢ়ক : মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, বিগত ২৪ ঘন্টাত ৪৫৩ দালালক আটক
কামলুদ্দিন আহমেদ নামৰ আৰক্ষী বিষয়া গৰাকী এছবি ব্ৰাঞ্চত কৰ্মৰত। যুৱতীক কাম দিয়াৰ চলেৰে দেহ ব্যৱসায় চলাই আহিছিল ধৃত কামলুদ্দিনে আহমেদ।