নগাঁও : নগাঁৱত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত। নগাঁও আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে দেহ ব্যৱসায়ৰ ঘাটি। মহিলাসহ দেহ ব্যৱসায়ীৰ লগত জড়িত মুঠ ৭ জনক আটক।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও আৰক্ষীয়ে এক বিশেষ সাফল্য লাভ কৰিছে। আৰক্ষী বিষয়া দীপ্তি মালীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে। অভিযানত আৰক্ষীয়ে ৫ গৰাকী মহিলাসহ দুজন পুৰুষক আটক কৰে।

লগতে পঢ়ক : উৰণীয়া সেঁতুত খুন্দা মাৰি বাগৰি পৰিল ট্ৰাক

নগাঁৱৰ মাজাৰাতি চাৰিআলিত লোচন বৰা নামৰ এজন লোকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সামাজিক মাধ্যমযোগে এই সম্পৰ্কে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply