বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে আজিৰে পৰা ৰাইজৰ দলৰ “নিযুক্তি প্ৰতিবাদ” ।এক লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ দাবীত ৰাইজৰ দলে শুকুৰবাৰে চচল স্থিত ধৰ্ণা স্থলীত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

ধৰ্ণা স্থলীত প্ৰতিবাদী সকলে বিজেপি চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী গ’ বেক, শীঘ্ৰেই এক লাখ নিবনুৱাক নিযুক্তি দিয়ক, নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰক আদি শ্লো গানেৰে উত্তাল কৰি তোলে । উলেখ্য যে, ২০২১ চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি দলে চৰকাৰ গঠনৰ হলে এমাহৰ ভিতৰতে এক লাখ নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু আজি দহ মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰখনে এই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। এই ক্ষেত্ৰত ৰাইজৰ দলে নিযুক্তি আন্দোলন গঢ়ি তুলি ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। তৎসত্বেও ৰাজ্য চৰকাৰে আজোকপতি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা নাই।

পৰৱৰ্তী সময়ত নিবনুৱা নিযুক্তি দিয়াৰ দাবীত ৰাইজৰ দলে ৰাজ্যৰ অলিয়ে গলিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব ৰাইজৰ দলে। অহা ১৪ মাৰ্চত অনুষ্ঠিত হব লগীয়া বিধানসভা অধিবেশনতো নিযুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব বুলি বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

বিধায়ক অখিল গগৈয়ে কয়, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত চাকৰিৰ নামত যি সাক্ষাৎকাৰ পাতিলে সকলোতে দুৰ্নীতি হ’ল। এটাও চাকৰি দিব নোৱাৰিলে । আনহাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক লাখ চাকৰি ১০ মেৰ ভিতৰত দিম বুলি বিধানসভাৰ মজিয়াত কৈছিলে কিন্তু বৰ্তমান সময়লৈকে এই ক্ষেত্ৰত যি অগ্ৰগতি লৈছে তাৰ পৰা সময়ত গৈ এইবোৰ সম্ভব হৈ নুঠিবগৈ বুলি কয় বিধায়ক গৰাকীয়ে। যাৰ বাবেই আৰম্ভ কৰিছে নিযুক্তি প্ৰতিবাদ।

লগতে পঢ়ক- মৰাণত মুকলি হ’ল আটকধুনীয়া শিশু উদ্যান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply