গুৱাহাটী : সংসদত ‘কা’ আইন গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে অসম জাতীয় পৰিষদে গুৱাহাটীত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি কা-বিৰোধী আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সূচনা কৰে৷ অসম জাতীয় পৰিষদৰ ‘জাতীয় সংকল্প অভিযান’ৰ দ্বিতীয় দিনা সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক লোকে জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰ অভিমুখে শোভাযাত্ৰা কৰি জু-ৰোডৰ এআইডিচি পইন্টত ‘কা’ আইনৰ প্ৰতিলিপি দাহ কৰে৷
প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে কেইবাবাৰো চেষ্টা চলাই যদিও প্ৰতিবাদকাৰীসকলে বাধা অতিক্ৰম কৰি ‘কা’ আমি নামানো’, ‘কা’ আইন বাতিল কৰক’ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে জাতীয় পৰিষদৰ কাৰ্যালয় চৌহদত ক’লা পতাকা উত্তোলন কৰাৰ লগতে সমদল কৰোতে হাতে হাতে ক’লা পতাকা লৈ প্ৰদৰ্শন কৰে।
জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ‘কা’ জাপি দি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ এই ষড়যন্ত্ৰ কোনো পধ্যেই মানি লব নোৱাৰি ৷ কেন্দ্ৰই ‘কা’ বাতিল নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব৷ ‘বিতৰ্কিত আইনখন জাপি দিয়াৰ প্ৰতিবাদত আজিৰ দিনটোক ক’লা দিৱস হিচাপে অভিহিত কৰে আছুসহ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাই। আজি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ‘কা’ৰ বিৰোধিতা কৰি ক’লা পতাকা উৰুৱাই নেছুৱে। সেইদৰে অসমৰ প্ৰতিখন জিলাতে আছুৱে ‘কা’ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।