নিউজ ডেস্ক: অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু দিনটোত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে বন্ধ তালিকাত সন্নিবিষ্ট কৰিছিল যদিও হঠাৎ এই বন্ধৰ দিনটো দুৰ্গাপূজাৰ বন্ধ দিনলৈ ৰূপান্তৰিত কৰাত সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ জনাইছে।
কৰ্মচাৰী পৰিষদে পূৰ্বৰ ঘোষণা বাহাল ৰাখিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ ই-মেইল যোগে পত্ৰ প্ৰেৰণ কৰিছে। অসম চৰকাৰৰ লগতে অসমৰ জাতীয় সংগঠন সমুহকো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাবলৈ পৰিষদে আহ্বান জনাইছে।
বন্ধৰ তালিকাত ব’হাগৰ বিহুৰ বন্ধ উঠাই দিয়াত অসন্তুষ্ট কৰ্মচাৰী,ৰাজ্যৰ লগতে মহানগৰীৰ মেঘদূত ভৱনৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।
শিৱসাগৰতো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বহিল শিৱসাগৰ মুখ্য ডাক কৰ্মচাৰীসকল ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে ৷ নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোচা লৈ সেই গামোচাৰে অসমীয়া জাতিক চেপি হত্যা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে শৃংখল চলিহাই ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰন সম্পাদক পলাশ চাংমাইয়ে কেন্দ্ৰীয় চৰকাৰে অসমক সদায়েই মাহী আইৰ চকুৰে চাই অহাৰ কথাকেই প্ৰমান কৰে বুলি উল্লেখ কৰে ।
কেন্দ্ৰই বিহুৰ বন্ধ প্ৰত্যাহাৰ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী
বন্ধৰ তালিকাত ব’হাগৰ বিহুৰ বন্ধ উঠাই দিয়াত অসন্তুষ্ট কৰ্মচাৰী,ৰাজ্যৰ লগতে মহানগৰীৰ মেঘদূত ভৱনৰ কৰ্মচাৰীৰ প্ৰতিবাদ
