ধৰ্মপুৰ : অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোট গ্ৰহণলৈ মাজত মাত্ৰ দুটা দিন। অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ, ইয়াৰ মাজতে ধৰ্মপুৰত উত্তাল হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰ মোহন পাটোৱাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বেনাৰ-পোষ্টৰ ফালি পেলোৱাক কেন্দ্ৰ কৰি চন্দ্ৰ মোহন পাটোৱাৰী মূর্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে ধৰ্মপুৰ।
ধৰ্মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰ মোহন পাটোৱাৰীৰ বিৰুদ্ধে প্ৰতিবাদ। ধৰ্মপুৰ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড৹ শিখৰ শৰ্মাৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱাক কেন্দ্ৰ কৰি সমষ্টিটোৰ বৰনৰ্দীত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়। চন্দ্ৰ মোহন পাটোৱাৰীৰ সম্মুখতে সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ সমষ্টিটোত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ধৰ্মপুৰৰ বৰনৰ্দীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ বেনাৰ-পোষ্টৰ ফালি দিয়ক কেন্দ্ৰ কৰি অন্য এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
চন্দ্ৰ মোহন পাটোৱাৰীৰ নিৰ্দেশত প্ৰশাসনৰ তিনি গৰাকী লোক বৰনৰ্দীস্থিত অসম জাতীয় পৰিষদৰ ধৰ্মপুৰ সমষ্টিৰ প্ৰাৰ্থী ড৹ শিখৰ শৰ্মাৰ গৃহৰ সম্মুখতে থকা অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ক বেনাৰ-পোষ্টাৰ সমুহ ফালি পেলোৱাৰ অভিযোগত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ঘটনাকলৈ উত্তপ্ত পৰে বৰনৰ্দী। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ কাৰ্যালয়ৰ কাষতে বিজেপি দলৰ বেনাৰ-পোষ্টাৰ আৰি থোৱা আছিল যদিও প্ৰসাদনৰ লোকে বিজেপি দলৰ বেনাৰ-পোষ্টৰ ফালি নেপেলাই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱাত ক্ষুব্ধ হৈ পৰে প্ৰাৰ্থী গৰাকীৰ সমৰ্থক সকল।
অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড৹ শিখৰ শৰ্মাৰ সমৰ্থক সকলে প্ৰশাসনৰ এনে সিদ্ধান্তক ধিক্কাৰ দিয়াৰ লগতে প্ৰশাসনে বিজেপি চৰকাৰৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপন কৰি চন্দ্ৰ মোহন পাটোৱাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অসম জাতীয় পৰিষদৰ কর্মী সকলে চন্দ্ৰ মোহন পাটোৱাৰী মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। চন্দ্ৰ মোহন পাটোৱাৰীয়ে সমষ্টিটোত তেওঁৰ ভেৰোণীয়া বাহিনীক লগাই এতিয়া গুণ্ডাগিৰি কৰাত নামি পৰিছে বুলিও অসম জাতীয় পৰিষদৰ কর্মী সকলে অভিযোগ কৰে।