গুৱাহাটী : পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা। ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ। কোনো কাৰণতে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ নিদিয়াৰ হুংকাৰ ৰাইজৰ। জৰীপ আৰু বন্দোবস্তী প্রশিক্ষণ কেন্দ্ৰৰ চৌদহত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা সােণাইঘূলীবাসী ৰাইজৰ।
বৰাগাঁওস্থিত দীপৰ বিলৰ কাষত থকা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে জিলা প্ৰশাসন। ৰাইজৰ বিৰোধিতাত এখোজ আগুৱাই পুনৰ পিছুৱাই আহিব লগা হয় জিলা প্ৰশাসন।
চন্দ্ৰপুৰ আৰু সোণাপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ গৈ ৰাইজৰ বিৰোধিতাত জিলা প্ৰশাসনে কাহিলিপাৰাৰ জৰীপ আৰু বন্দোবস্তী প্রশিক্ষণ কেন্দ্ৰৰ চৌদহত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এতিয়া জৰীপ আৰু বন্দোবস্তী প্রশিক্ষণ কেন্দ্ৰৰ চৌদহত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰিছে সােণাইঘূলীবাসী ৰাইজে।
জৰীপ আৰু বন্দোবস্তী প্রশিক্ষণ কেন্দ্ৰৰ চৌদহত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰি শনিবাৰে শতাধিক লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে অভিযোগ কৰে যে এই অঞ্চলত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে অঞ্চলবাসী ৰাইজে বৃহৎ সমস্যাৰ সন্মুখীন হ’ব। সােণাইঘূলীবাসী খোৱা পানীৰ বাবে জৰীপ আৰু বন্দোবস্তী প্রশিক্ষণ কেন্দ্ৰৰ চৌদহত থকা নিজৰাৰ ওপৰত নিৰ্ভৰশীল এনে ক্ষেত্ৰত এই ঠাইত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে অঞ্চলবাসী ৰাইজ খোৱা পানীৰ সমস্যাত ভুগিব।
ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে এই অঞ্চলৰ জলবায়ু, পানী আদি প্ৰদূষিত হৈ পৰাৰ লগতে এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হ’ব আৰু এই অঞ্চলত মানুহ, জীব-জন্তু আদি বসবাস কৰাৰ অনুপযােগী হৈ পৰা লগতে নানা বেমাৰ আদিয়ে দেখা দিব। তদুপৰি গুৱাহাটা পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা গাড়ী দিনে নিশাই চলাচল কৰি থাকিলে পথ বিনষ্ট হােৱাৰ লগতে অঞ্চলটোৰ থকা ল’ৰা-ছােৱালী স্কুল-কলেজলৈ অহা-যােৱা কৰাত আৰু সকলাে মানুহৰে নিৰাপদে চলাচল কৰাত সংশয়ৰ সৃষ্টি হ’ব বুলি অঞ্চলবাসী ৰাইজে জানিবলৈ দিয়ে।
সােণাইঘূলীবাসী জৰীপ আৰু বন্দোবস্তী প্রশিক্ষণ কেন্দ্ৰৰ চৌদহত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জৰীপ আৰু বন্দোবস্তী প্রশিক্ষণ কেন্দ্ৰৰ চৌদহত ডাম্পিং গ্ৰাউণ্ড স্থাপন নকৰাৰ বাবে পশ্চিম সােণাইঘূলী আঞ্চলিক উন্নয়ন সমিতিয়ে জৰীপ আৰু বন্দোবস্তী প্রশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষক স্মাৰক পত্ৰও প্ৰদান কৰে।