মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটাৰ লিডুত উত্তাল প্ৰতিবাদ। ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটাৰ লিডুত। প্ৰতিবাদকাৰীয়ে ৰাজপথৰ ওপৰতে দাহ কৰিলে বনমন্ত্ৰীৰ পুত্তলিকা।
বৃহস্পতিবাৰে পুৱাৰ ভাগতে উত্তাল হৈ পৰে মাৰ্ঘেৰিটাৰ লিডু। অসমৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক পুত্তলিকা দাহেৰে মাৰ্ঘেৰিটাৰ লিডুত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ।
লগতে পঢ়ক : মহানগৰীৰ যোৰাবাটত জব্দ ৪.৫ কোটি টকা মূল্যৰ হে’ৰইন
মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অবৈধ কাঠ আৰু শিল সৰবৰাহৰ বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে। একাংশ কাঠ-শিল মাফিয়াই ডিগবৈৰ বন বিষয়াক মেনেজ কৰি কাঠ আৰু শিলৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।