অবৈধ গৰু ব্যবসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ

ডবকা: হোজাই জিলাৰ গণীপুৰ মতিন বজাৰত থকা অবৈধ গো-মাংসৰ দোকানীৰ বিৰূদ্ধে শনিবাৰে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। প্ৰতিবাদী ৰাইজে জানিব দিয়া মতে যোৱা ২ জুন তাৰিখে ৰাতি ২টা মান বজাত ফাৰুক আহমদ খান নামৰ ব্যক্তি জনৰ গোঁহালীৰ দৰ্জাৰ তলা ভাঙি কোনো অজ্ঞাত চোৰে তেওঁৰ প্ৰায় ৬০ হেজাৰ টকা মূল্যৰ গাই গৰু জনী চোৰ কৰি লৈ যায়। ইফালে ফাৰুক আহমেদে গৰু জনীৰ কোনো শুং শুত্ৰ লাভ কৰিব নোৱাৰি উপায়ন্তৰ হৈ মোৰাঝাৰ থানাত চুৰি সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে।

গৰুৰ গৃহস্ত ফাৰুক আহমেদ


ফাৰুক আহমদে এক গোপন খবৰৰ ভিত্তিত একে গাওঁৰ অবৈধ গো-মাংস ব্যৱসায়ী বছিৰ নামৰ লোক জনৰ ঘৰৰ পৰা চুৰি গৰুৰ অৱশিষ্ট অংশ সমূহ উদ্ধাৰ কৰে। সেই সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষীও উপস্থিত আছিল বুলি ফাৰুক আহমেদে জানিবলৈ দিয়ে । নিজৰ গৰুৰ অবশিষ্ট অংশ দেখা পাই সেই সম্পৰ্কে সোধাত বছিৰৰ পৰিয়ালৰ মহিলা সকলে হাতে হাতে চোকা অস্ত্ৰ লৈ গৰুৰ মালিকক অশালীন গালি গালাজ কৰি খেদি আহে।
এই ঘটনাৰ প্ৰতিবাদত আজিৰ প্ৰতিবাদী ৰাইজে গণীপুৰত থকা অবৈধ গো-মাংস দোকান বন্ধ কৰক, চুৰি কাৰ্য্য ৰুধ কৰক, চুৰি কাৰ্য্যত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰক আদি শ্ল-গান দি পৰিবেশ উত্তাল কৰি তোলে।

চোৰাং গৰু বিক্ৰী কৰা জনক গৰুৰ গৃহস্তই ধৰা পেলোৱাৰ পিছত এই দৰে দা লৈ খেদিছে


প্ৰতিবাদী ৰাইজে গণীপুৰ বজাৰৰ বহু ঠাইত আজি কেবা বছৰৰ পৰা বহু কেই খন অবৈধ গো-মাংসৰ দোকান গঢ় লৈ উঠিছে বুলি মন্তব্য কৰে । লগতে এই বজাৰ খনত সময়ে সময়ে বহু কেইটা চুৰি হোৱা গৰু উদ্ধাৰ হোৱা ঘটনাও পোহৰলৈ অহাৰ কথাও উল্লেখ কৰে। এই গো-মাংসৰ ব্যৱসায়ী সকলে গড় কাপ্তানি বিভাগৰ ৰাস্তাৰ নিচেই ওচৰত গৰু সমুহ কাটি মাংস বিক্রি কৰি আহিছে। যাৰ ফলত ৰাস্তাৰ ওচৰতে গৰুৰ তেজ পৰি অঞ্চলটোত দূৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হৈছে।

গণীপুৰৰ মতিন বজাৰত অবৈধ গৰু ব্যবসায় কেন্দ্ৰ

স্থানীয় ৰাইজে বহুবাৰ হোজাই জিলাৰ উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সুফল লাভ কৰিব পৰা নাই। আজিৰ প্ৰতিবাদী ৰাইজে গণীপুৰ বজাৰৰ অবৈধ গো-মাংসৰ দোকান সমূহ বন্ধ কৰি চুৰি কাৰ্য্যৰুধ কৰিবলৈ প্ৰশাসনক দাবী জনায়। মোৰাঝাৰ থানাৰ আৰক্ষীয়ে অবৈধ ভাবে গৰু বিক্ৰী কৰি থকা , চোৰাং গৰু আনি মাংস বিক্ৰী কৰা আদি ঘটনা দেখিও চকুমুদা কুলিৰ ভাও ধৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে ।

লগতে পঢ়ক যমুনামুখত নিচাজাতীয় দ্রব্যসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply