মানকাচৰ : আৰক্ষী বিষয়াৰ বদলিকলৈ অসন্তুষ্ট ৰাইজৰ প্ৰতিবাদ। পাঁচ শতাধিক পুৰুষ-মহিলা ঘৰৰ পৰা ওলাই আহি চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ক দৰং জিলালৈ বদলি কৰাত মানকাচৰত সাধাৰণ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ক মানকাচৰৰ পৰা বদলি কৰাত মানকাচৰৰ সাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে। আৰক্ষী বিষয়া গৰাকীক মানকাচৰৰ পৰা দৰং জিলালৈ বদলি কৰাৰ বিৰুদ্ধে পাঁচ শতাধিক পুৰুষ-মহিলা ঘৰৰ পৰা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰায় ৮ মাহ পূৰ্বে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কামত যোগদান কৰিছিল নিতাই চন্দ্ৰ ৰয়ে। ইয়াৰ পিছৰে পৰা মানকাচৰত ড্ৰাগছ মাফিয়াৰ দপদপনিৰ লগতে মানকাচৰত বিভিন্ন অপৰাধ কমিবলৈ ধৰিছে। আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত বহু ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰো হৈছে। পূৰ্বে কোনো ভুক্তভোগী থানাত ন্যায় বিচাৰি গোচৰ দিবলৈ আহিলে আৰক্ষীক টকা দিব লাগিছিল কিন্ত এই গৰাকী আৰক্ষী বিষয়া অহাৰ পিছত সাধাৰন ৰাইজে টকা দিব নাগলে বুলি প্ৰতিবাদকাৰী ৰাইজে মন্তব্য কৰে।

লগতে পঢ়ক : এমজি মটৰ ভাৰতে ব্যক্তিগত এআই সহায়ক আৰু স্বয়ংচালিত (লেভেল ২) প্রযুক্তিৰ সৈতে এষ্টৰ উন্মােচন কৰে

ইফালে যোৱা ৫ জুলাই তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ লগত এখন সভাপাতি এখন থানাত দুবছৰ নোহোৱা কোনো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি কৰা নহ’ব বুলি প্ৰকাশ কৰিছিল। ইয়াৰ পিছতো এইদৰে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক মাত্ৰ ৮ মাহৰ ভিতৰত বদলি কৰাৰ বাবে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষী বিষয়া গৰাকীৰ বদলি স্থগিত কৰাৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply