কাছাৰ : সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষীৰ লগতে একাংশ মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত চলোৱা যৌথ আক্ৰমণত শ্বহীদ হৈছিল অসম আৰক্ষীৰ ৬ গৰাকী জোৱান। ৬ জনকৈ আৰক্ষী জোৱানৰ লগতে ঘটনাত নিহত হৈছিল এজন স্থানীয় নাগৰিক। আহত হৈছিল কেইবাজনো আৰক্ষী জোৱানৰ লগতে স্থানীয় নাগৰিক।

সোমবাৰৰ লাইলাপুৰৰ ঘটনাৰ পিছৰে পৰা বিগত দুদিন ধৰি উত্তপ্ত হৈ আছে সমগ্ৰ কাছাৰ জিলা। এই ঘটনাৰ প্ৰতিবাদত যোৱা দুদিন ধৰি উত্তাল হৈ আছে বৰাক উপত্যকাৰ তিনিওখন জিলাৰ লগতে সমগ্ৰ অসম। মঙলবাৰৰ পৰা তিনিওখন জিলাত সর্বসাধৰণ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আৰু ৰে’ল পথ বিচ্ছিন্ন কৰি মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছে।

ইপিনে, লায়লাপুৰ কাণ্ডৰ প্ৰতিবাদত বুধবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা ১২ ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান জনাইছে বৰাক ডেমোক্ৰেটিক ফ্ৰণ্ট নামৰ স্থানীয় এটা সংগঠনে। বৰাক ডেমোক্ৰেটিক ফ্ৰণ্টৰ বন্ধক সমৰ্থনত আগবঢ়াইছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটো জাতীয় দল-সংগঠন।

এই বন্ধৰ ফলত বুধবাৰে পুৱাৰ পৰাই সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰে বৰাকৰ জনজীৱন। কোভিড প্ৰটোকলৰ বাবে আন্ত:জিলা যান-বাহন চলাচল বন্ধ আছে। ইয়াৰ উপৰি এই বন্ধৰ ফলত জিলা সমূহৰ ভিতৰতো কোনো যান-বাহন আজি চলাচল কৰা পৰিলক্ষিত হোৱা নাই। বৰাক উপত্যকাৰ আন দুই জিলাৰ সমান্তৰালভাৱে আজি পুৱাৰ পৰাই হাইলাকান্দি জিলাতো পৰিলক্ষিত হয় বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ। পুৱাৰে পৰাই জিলাখনত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে জনজীৱন।

লগতে পঢক :  দেশভক্তি দিৱসে নৱ প্ৰজন্মক ৰাষ্ট্ৰীয়তাবাদী ভাবনাৰে অনুপ্রাণিত কৰিব : মুখ্যমন্ত্রী

ইপিনে, হাইলাকান্দি জিলাৰ কাটাখালত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ডেমোক্ৰেটিক ফ্ৰন্টৰ সদস্যসকলে। লগতে অসম-মিজোৰাম সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ দাবীও জনায় প্ৰতিবাদকাৰীসকলে। আনফালে, হাইলাকান্দি জিলাৰ বিভিন্ন ঠাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনৰ সদস্যই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,274 other subscribers

Leave a comment

Leave a Reply