মৰাণ: টিংখাং সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে টিংখং উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত আজি উত্তাল প্ৰতিবাদ কৰে ৱাৰ্ড সদস্যৰ লগতে স্থানীয় ৰাইজে।
পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে মইমতালি আৰু অনিয়মৰ অভিযোগ তুলি টিংখাঙত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। টিংখাঙৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা সিং বকলিয়ালৰ বিৰুদ্ধে চৰম অনিয়ম আৰু বঞ্চনাৰ অভিযোগ তুলি টিংখাং উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়তটোৰ ভালেসংখ্যক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
পঞ্চায়তটোত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য চৰকাৰী উন্নয়নমূলক আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰে প্ৰতিবাদী ৰাইজে। প্ৰতিবাদকাৰী সকলে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলি টিংখাং খণ্ড উন্নয়ন বিষয়াক এখন স্মাৰকপত্ৰ দাখিল কৰে।

আনহাতে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে চৰম মইমতালিৰ অভিযোগ তুলিছে পঞ্চায়তটোৰেই কেইবাগৰাকী ৱাৰ্ড সদস্যই। যিকোনো চৰকাৰী আঁচনিৰ কামত ৱাৰ্ড সদস্য সকলক বঞ্চিত কৰি সভানেত্ৰী পবিত্ৰা সিং বকলিয়ালে নিজেই সকলো সিদ্ধান্ত গ্ৰহণ কৰা বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি ডিব্ৰুগড় জিলা উপায়ুক্তলৈও ইতিমধ্যে স্থানীয় ৰাইজে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ভুক্তভোগী ৰাইজে।
আনহাতে এই অভিযোগৰ সন্দৰ্ভত ৱাৰ্ড সদস্য আৰু ৰাইজৰ অভিযোগ নস্যাৎ কৰি কয় যে উৰ্ধতম কতৃপক্ষই যি ব্যৱস্থা গ্ৰহণ কৰে তাৰ মূৰ পাতি লম বুলি মন্তব্য কৰে সভানেত্ৰী পবিত্ৰা সিং বকলিয়ালে। বৰ্তমান সময়ত কাম নকৰাকৈ ধন উলিয়াই নিয়াৰ ব্যবস্থা নাই বুলি স্পষ্ট কৰে সভানেত্ৰী গৰাকীয়ে। ৱাৰ্ড মেম্বাৰ সকলৰ পৰা সহযোগিতা নোপোৱাৰ বাবেই বহু কাম ব্লকৰ সৈতে মিলি কৰিব লগা হয় বুলিও কয় সভানেত্ৰীয়ে।