মাৰ্ঘেৰিটা : মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে ছাত্ৰ মুক্ত সংগ্রাম সমিতিৰ প্ৰতিবাদ। শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। পথ অৱৰোধ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে প্ৰতিবাদকাৰী সকলে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ টিৰাপত টিৰাপ-জাগুন আঞ্চলিক
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। টিৰাপ গেটত টিৰাপ-জাগুন আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ স্থান পৰিদৰ্শন ৰাজ্যৰ বিত্তমন্ত্ৰীৰ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই এই প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ছাত্ৰ সংগঠনটোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে। পুৱা দহ বজাৰ পৰা এঘাৰ বজালৈ চলা পথ অৱৰোধ কাৰ্যসূচীত পথটোৰ দুয়ো পাৰে যান বাহন চলাচল ব্যাহত হৈ পৰা পৰিলক্ষিত হয়।