গুৱাহাটী: মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আজি অসম জাতীয় পৰিষদে ৰাজ্যজুৰি গণ বিক্ষোভ কাৰ্যসূচী পালন কৰে৷ ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত দলৰ কৰ্মীসকলে ‘মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, নহ’লে গাদী বাদ দিয়ক’, ‘স্বেচ্ছাচাৰী শাসন পৰিত্যাগ কৰক, গণতন্ত্ৰক মূল্য দিয়ক’, ‘ৰাইজৰ চৰকাৰে ৰাইজৰ কথা শুনক, আদানী-আম্বানীক বাদ দিয়ক’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
আনহাতে কালি গুৱাহাটীত দলৰ কেন্দ্ৰীয় সমিতিয়ে ৰাজভৱনলৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়তে দলীয় প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰো দলৰ জিলা সমিতিসমূহে প্ৰতিবাদ কৰে৷ প্ৰতিবাদকাৰীসকলে আজি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সংশ্লিষ্ট জিলাই জিলাই উপায়ুক্তসকলৰ হাতত একোখনকৈ স্মাৰকপত্ৰও প্ৰদান কৰে৷
লগতে পঢ়ক-ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত আহত ১০ জন
সোণাৰিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন।
অসম জাতীয় পৰিষদৰ আহ্বানত নৱগঠিত ৰাজনৈতিক দলটোৰ চৰাইদেউ জিলা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।
সোণাৰিৰ লাচিত উদ্যানত ৰূপায়ন কৰা এই কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ টংকেশ্বৰ কোঁৱৰৰ লগতে জিলা সভাপতি মানিক গগৈয়ে নেতৃত্ব দিয়ে।

মুল্য বৃদ্ধি ৰ বিৰুদ্ধে লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদ।উপায়ুক্ত ৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট-ধৰ্ণাৰে প্ৰতিবাদ।জিলাখনৰ বিভিন্ন স্হানত পৰিষদৰ ২৪ খন আঞ্চলিক সমিতিয়ে একে সময়তে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্য্য সূচী।বিজেপি, ৰাজ্য চৰকাৰ, যোগান বিভাগৰ বিৰুদ্ধে ধৰ্ণা প্ৰতিবাদ কাৰী সকলৰ।