বাক্সা : কোকৰাঝাৰ জিলাৰ অভয়াখুটীৰ ঘটনাৰ তদন্ত আৰু দোষী সকলৰ কঠোৰ শাস্তিৰ দাবীত তামুলপুৰৰ মটঙাচকত উত্তাল প্ৰতিবাদ। বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো মহিলা সমন্বয় সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দোষী সকলৰ ফাঁচিৰ দাবী জনায়। অভয়াখুটীত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।

যোৱা ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটীত ৰাভা জনগোষ্ঠীৰ অতি দুখীয়া পৰিয়ালৰ দুগৰাকী কিশোৰী সন্দেহজনকভাৱে গছত চীপ লৈ থকা অবস্থাত উদ্ধাৰ হৈছিল। পৰিয়ালৰ লোকে উক্ত ঘটনাক আত্মহত্যা নহয় তাৰ বিপৰীতে পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তদন্ত আৰম্ভ কৰি অসম আৰক্ষীয়ে উক্ত ঘটনাটো এক হত্যাকাণ্ড বুলি অভিহিত কৰে।

আৰক্ষীৰ তদন্ত পৰৱৰ্তী সময়ত স্পষ্ট হয় যে কিশোৰী দুগৰাকীক ধর্ষণ কৰি হত্যা কৰা হৈছিল। ঘটনাৰ লগত জড়িত দোষী সকলক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও দোষী সকলক কঠোৰ শাস্তি প্ৰদানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। শনিবাৰে বাক্সা জিলাৰ তামুলপুৰৰ মটঙাচকত উক্ত ঘটনাকলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো মহিলা সমন্বয় সমিতিয়ে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দিয়াৰ লগতে কেইবাটাও দাবী উত্থাপন কৰে।

লগতে পঢ়ক : জামুগুৰিহাটত একাংশ দৰিদ্ৰ মহিলাৰ মাজত বিধায়ক পদ্ম হাজৰিকাই বিতৰণ কৰিলে তাতঁশাল

প্ৰতিবাদকাৰী সকলে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়া সেই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়। ঘটনাৰ লগত জড়িত দোষীক কঠোৰতকৈ-কঠোৰত্বম শাস্তি প্ৰদান কৰিব লাগে। ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক ফাঁচী প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি কিশোৰী দুগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈও দাবী জনায় প্ৰতিবাদকাৰী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply