বাঘবৰ : বিধায়ক শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বাঘবৰত প্ৰতিবাদ অব্যাহত আছে। সমষ্টিবাসীয়ে বিধায়ক গৰাকীৰ মুক্তিৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ চলাই আছে। দেওবাৰে সন্ধিয়াৰ ভাগত শ্বেৰমান আলীৰ মুক্তিৰ দাবীত বিধায়ক গৰাকীৰ সমৰ্থক সকলে জোৰ সমদল উলিয়াই প্ৰৰিবাদ সাব্যস্ত কৰে।

বাঘবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা বাঘবৰৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। বিধায়ক গৰাকীৰ সমৰ্থক সকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিধায়ক গৰাকীৰ মুক্তিৰ দাবী জনাই আছে। দেওবাৰে সন্ধিয়া সমষ্টিটোৰ বাঘমাৰাচৰত শতাধিক লোকে এক জোৰ সমদল উলিয়াই শ্বেৰমান আলীৰ মুক্তিৰ দাবী জনায়।

প্ৰৰিবাদকাৰী সকলে শ্বেৰমান আলীক মুক্তি দিয়ক, বিজেপি মূর্দাবাদ আদি প্ৰৰিবাদী শ্ল’গানেৰে বাঘমাৰাচৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে। বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এটাৰ পিছত আনটো গোচৰ জাপি দিয়া বুলিও প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে। প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে বিধায়ক শ্বেৰমান আলীক মুক্তি কৰি দিয়াৰ বাবেও দাবী জনায়।

লগতে পঢ়ক : ধেমাজি নগৰৰ মাজমজিয়াত সুৰামত্ত শিক্ষকৰ বিলাসী গাড়ীয়ে মহতীয়ালে দোকান

উল্লেখ্য দৰং জিলাৰ গৰুখুটিৰ উচ্ছেদ কাণ্ডৰ পিছতে এক বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। বিধায়ক গৰাকীৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমান আলীক। কংগ্ৰেছ দলেও শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply