গুৱাহাটী : মহানগৰী গুৱাহাটীত ভয়াবহভাৱে বৃদ্ধি পাইছে কিন্নৰৰ সন্ত্ৰাস। এটাৰ পিছত আনটো অপৰাধৰ লগত কিন্নৰ জড়িত থকা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত কিন্নৰৰ সকলৰ দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা দেখিবলৈ পোৱা যায়।

কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এগৰাকী মহিলা সাংবাদিকক এগৰাকী কিন্নৰে বেয়া ব্যৱহাৰ কৰা বুলি জানিবলৈ পোৱা গৈছিল। ঘটনা সংক্রান্তত মহিলা সাংবাদিক গৰাকীয়ে ধূপধাৰা আৰক্ষী চকীত এক গোচৰো ৰুজু কৰিছিল। এইবাৰ গুৱাহাটীত এগৰাকী কিন্নৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা।

ইফালে গুৱাহাটী মহানগৰীৰ ভৰলুত এগৰাকী কিন্নৰে ১৪ বছৰীয়া কিশোৰক ধর্ষণ কৰাৰ এক অভিযোগ উত্থাপন হৈছে। হাটীগাঁৱৰ এগৰাকী কিন্নৰে ১৪ বছৰীয়া কিশোৰ ধর্ষণ কৰাৰ অভিযোগত ইতিমধ্যে কিন্নৰ গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক  : আনুষ্ঠানিক ঘোষণা : ধৈৰ্য্য কোঁৱৰ যুঁজিব থাওৰা সমষ্টিত

ইফালে কিন্নৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ মহানগৰীৰ পল্টন বজাৰত ব্যৱসায়ী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্নৰ সকলে ব্যৱসায়ী সকলৰ পৰা জোৰ কৰি টকা তথা দোকানৰ সামগ্ৰী নিয়ে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ব্যৱসায়ী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply