ৰূপহীহাট : ৰূপহী ৰাজহ চক্ৰৰ জুৰীয়া মৌজাৰ অন্তৰ্গত চতিয়ান, নগাবন্দা আৰু কেনদুগুৰি গাঁৱৰ চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। দেওবাৰে জুৰীয়াৰ নগাবন্দা দলংৰ সমীপত শতাধিক ৰাইজে গাঁওবুঢ়া নজৰুল ইছলামৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

গাঁওবুঢ়াজনে সকলো চৰকাৰী কামৰ বিনিময়ত টকা বিচাৰে আৰু টকা নিদিলে কোনো কাম কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ৰাইজে। নজৰুল গাঁওবুঢ়া হায় হায়, নজৰুল গাঁওবুঢ়াৰ দুৰ্নীতি নচলিব আদি ধ্বনি দি আকাশ‌ বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ৰাইজে।

ৰাইজে নজৰুল ইছলাম নামৰ গাঁওবুঢ়াৰজনক গ্ৰেপ্তাৰৰো দাবী জনায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গাঁওবুঢ়া নজৰুল ইছলামৰ বিৰুদ্ধে ৰাইজে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰক্ষী থানা আৰু ৰাজহ চক্ৰত নজৰুল ইছলামে ব্যাপক হাৰত দালালিত লিপ্ত হোৱাৰো অভিযোগ তুলিছে গঞা ৰাইজে।

লগতে পঢ়ক : পুজাৰ বতৰতো অনলাইন ব্যৱসায়ে মাধমাৰ সোধাইছে মফচলীয় অঞ্চলৰ ব্যৱসায়ীক

তদুপৰি এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰা লোককো গাঁওবুঢ়া নজৰুল ইছলামে ব্লেক মেইলিং ‌কৰি অহা বুলিও ৰাইজে অভিযোগ তুলিছে। তিনিওখনকৈ ৰাজহ গাঁৱৰ গাঁওবুঢ়া পদবীত অধিষ্ঠিত হৈ বিতৰ্কিত নজৰুল ইছলামে ৰাইজক জ্বলা কলা দেখুওৱা বুলি অভিযোগ তুলি গাঁওবুঢ়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply