নিউজ ডেস্ক : ৰাজ্যত পুনৰ আৰম্ভ হৈছে ‘কা’ বিৰোধী প্ৰতিবাদ। পুনৰ ‘কা’ৰ বিৰোধিতা কৰি ৰাজপথলৈ নামিছে অসমবাসী। ‘কা’ আমি নামানো, ‘কা’ বাতিল কৰক শ্ল’গানেৰে উত্তাল ৰাজপথ।

ৰাজ্যত পুনৰ ‘কা’ৰ বিৰোধিতাৰে উত্তাল হ’বলৈ ধৰিছে ৰাজপথ। বুধবাৰে নগাঁৱত পুনৰ দেখিবলৈ পোৱা যায় ‘কা’ বিৰোধী প্ৰতিবাদ।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ক’ভিডৰ পিছত পুনৰ ৰাজ্যত প্ৰৱল ‘কা’ বিৰোধী আন্দোলনৰ হুংকাৰেৰে ৰাজপথ কঁপাই তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক লোকে।

লখিমপুৰত ধৰ্ণা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ

‘কা’ বাতিলৰ দাবীত লখিমপুৰতো ধৰ্ণা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে। বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি ধৰ্ণা দিয়ে প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক  : নগাঁৱত জব্দ প্ৰায় ১০ লাখ মূল্যৰ হেৰ’ইন

বিদেশীক সংস্থাপন দি ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অনাৰ অধিকাৰ নাই বুলি বিজেপি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সংগঠনটোৰ নেতৃত্বই। ‘কা’ বাতিল নকৰিলে অনাগত সময়ত ভয়াবহ ৰূপত আন্দোলন চলাই নিয়াৰো হুংকাৰ সংগঠনটোৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply