মানকাচৰ : বিকল্প ফলাফল মূল্যায়নত মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ন শিক্ষাৰ্থীক অবিলম্বে স্কুল ভিত্তিক পৰীক্ষা পাতি শীঘ্ৰে ফলাফল ঘোষণাৰ দাবীত সৰ্ব ভাৰতীয় গণতান্ত্ৰিক ছাত্ৰ সংগঠনৰ অসম মাধ্যমিক শিক্ষা পৰিষদলৈ স্মাৰক পত্ৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰিস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত এছ ইউ চি আইৰ ভাতৃ সংগঠন সৰ্ব ভাৰতীয় গণতান্ত্ৰিক ছাত্ৰ সংগঠনে এক প্ৰতিবাদী সমদল উলিয়াই মেট্ৰিক অনুত্তীৰ্ন শিক্ষাৰ্থী সকলক নিজৰ নিজৰ বিদ্যালয়ত পৰীক্ষা পাতি শীঘ্ৰে ফলাফল ঘোষণা কৰাৰ দাবী উত্থাপন কৰে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১ বজাত সৰ্ব ভাৰতীয় গণতান্ত্ৰিক ছাত্ৰ সংগঠনৰ হাটশিঙিমাৰী শাখাৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয়। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ নেতা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উপস্থিত হয়। জিলা উপায়ুক্তৰ জৰিয়তে অসম মাধ্যমিক শিক্ষা পৰিষদলৈ এখন লিখিত স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।
লগতে পঢ়ক : অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত ভেন্সাৰ শিক্ষক
ছাত্ৰ সংগঠনটোৰ দাবী পৰীক্ষা নপতা বিষয়টোত শিক্ষাৰ্থী সকলক কি যুক্তিত ফেইল কৰাই দিয়া হৈছে। মেট্ৰিকত যি সকলে ইতিমধ্যে অনুত্তীৰ্ন হৈছে তেওঁলোকক সোনকালে নিজৰ নিজৰ বিদ্যালয়ত পৰীক্ষা পাতি শীঘ্ৰে ফলাফল প্ৰদান কৰিব লাগে। উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হোৱা নাই। পৰীক্ষাৰ পৰিবৰ্তে বিশেষ মূল্যায়নৰ জড়িতে ফলাফল ঘোষণা কৰা হৈছে।