গুৱাহাটীঃ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিবাদত নমা জলমিত্ৰক কামৰ পৰা আঁতৰাই দিয়া হ’ব বুলি ধমক দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। স্বচ্ছ ভাৰত অভিযানৰ অষ্টম বৰ্ষপূৰ্তিৰ উপলক্ষে অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয় যে, জলমিত্ৰসকলে এতিয়াৰে পৰা কাম কৰি জলজীৱন মিছন সফল কৰিব লাগিব। তাৰ বিনিময়ত ৬৫০০ টকা দিয়াৰ বাবে নিৰ্ধাৰণ কৰিছোঁ। কিন্তু প্ৰথম দিনাৰ পৰাই প্ৰতিবাদত নামিলে সহ্য কৰা নহ’ব। আন্দোলন কৰা জলমিত্ৰসকলৰ পৰিৱৰ্তে বেলেগ মানুহক নিয়োগ কৰা হ’ব বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।

উল্লেখ্য যে, জল জীৱন মিছনৰ প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই বৰ্ষৰ আৰম্ভণীতে ৰাজ্যৰ ১০খন আই আই টিত ৪০০ জন জলমিত্ৰৰ প্ৰশিক্ষণ দিয়া হৈছিল। পানী যোগানৰ সম্পূৰ্ণ হোৱা আঁচনি তথা পূৰ্বৰ পৰা চলি থকা আঁচনি সমূহত এজনকৈ জলমিত্ৰক নিয়োগ কৰা হৈছে ৷ এইসকল জলমিত্ৰক বিগত ২৩ ছেপ্টেম্বৰত কামত নিয়োজিত চুক্তি পত্ৰ প্ৰদান কৰিছিল৷ প্ৰশিক্ষণ সমাপ্তিৰ পাছত আঁচনিত নিয়োজিত প্ৰতিজন জলমিত্ৰক মাহিলী ৬৫০০ টকাকৈ মাননি আগবঢ়োৱা কথা ঘোষণা কৰিছিল৷ তদুপৰি পুৰণি স্বেচ্ছাসেৱক সকলকো জলমিত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰি¸ তেওঁলোককো প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত মাহিলি ৬৫০০ টকাকৈ মাননি দিয়াৰ কথা ঘোষণা কৰিছিল৷ কিন্তু জলমিত্ৰসকলে প্ৰাপ্যৰ পৰা বঞ্ছিত হোৱাৰ অভিযোগ তুলি জনস্বাস্থ্য কৰিকাৰী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply