সোণাৰি : সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত প্ৰতিবাদ। উত্তৰ পূৰ্বাঞ্চলৰ পৰা সেনা বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ।

উত্তৰ পূৰ্বাঞ্চলৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। সোণাৰিতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক :  বেহাৰবাৰীত মহিলাৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি নগালেণ্ডৰ মন জিলাত সংঘটিত নাৰকীয় ঘটনাৰ তীব্র নিন্দা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে। আনহাতে সেনাৰ গুলীত নিহত হোৱা নিৰীহ লোকসকলক চৰকাৰীভাৱে শ্বহীদ ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply