লখিমপুৰ : লখিমপুৰত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত প্ৰতিবাদ। সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে।

আজি লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ সমিতিয়ে। মানৱ অধিকাৰ উলংঘা কৰা, প্ৰাণ কাঢ়ি লোৱা এই আইনখন উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক : অবৈধ পাৰ্কিং কৰক লৈ ক্ষুব্ধ মৰাণবাসী ৰাইজ

এই দাবীৰে প্ৰতিবাদকাৰী সংগঠনটোৱে লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। উল্লেখ্য যে আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply