হোজাই : ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা হাট-বজাৰ সমূহ শীঘ্ৰে মুকলি কৰাৰ দাবীত হোজাইত উত্তাল প্ৰতিবাদ। হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ হোজাই চহৰৰ মাজেৰে শতাধিক লোকৰ প্ৰতিবাদী সমদল।

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ হাট-বজা সমূহ শীঘ্ৰে খুলি দিয়াৰ দাবীত সৰব হৈ পৰিল হোজাই মহকুমা হাঠুৰেয়া সুৰক্ষা সমিতি৷ সোমবাৰে ক্ষুদ্ৰ ব্যৱসায়ী সকলে হাতত বেনাৰ, পোষ্টাৰ লৈ হোজাই চহৰৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল উলিয়াই হাট-বজাৰ খুলি দিয়াৰ দাবী জনায়।

লগতে পঢ়ক : ধন দাবীৰ অভিযোগত আটক শিক্ষা বিভাগৰ কৰ্মচাৰী

প্ৰতিবাদকাৰী ব্যৱসায়ী সকলৰ দাবী ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে দোকান-বজাৰ সমূহ বন্ধ আছিল যদিও শেহতীয়াকৈ পৰিৱেশ স্বাভাৱিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দোকান-বজাৰ সমূহ সম্পূৰ্ণ খুলি দিব লাগে৷ আনহাতে হাট-বজাৰৰ নামত এখন বৰ্ড গঠন কৰি ব্যৱসায়ী সকলৰ তৎকালীনভাৱে অনুজ্ঞাপত্ৰ দিয়াৰো দাবী জনায় প্ৰতিবাদকাৰী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply