মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ বেঙেৰ ভিটা গাঁও পঞ্চায়তৰ কালাপানী সংযোগী একমাত্ৰ পথটো স্বাধীনতাৰ ৭ টা দশক পাৰ হোৱাৰ পিছতো চৰকাৰে পথটো নিৰ্মাণ কৰি নিদিয়াৰ ফলত এজাক বৰষুণতেই পথটোত এবুকু পানী জমা হোৱাৰ লগতে বোকাময় হৈ পথটো পথাৰৰ দৰে হৈ পৰাত স্থানীয় ৰাইজে যাতায়ত কৰাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি যমৰ যতনাত ভুগি অহা পৰিলক্ষিত হৈছে। ৰাইজে বোকাময় পথটোৰ ওপৰত কঠিয়া ৰুই চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি পথটো নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে।
প্ৰতি বছৰে বাৰিষাৰ সময়ত এইদৰে এই পথটো বোকাময় হৈ পৰাত গাঁওখনৰ ৰাইজে ভীষণ অসুবিধাৰ সম্মুখীন হ’বলগীয়া হয়। পথটো জৰাজীৰ্ণ হৈ পৰাৰ ফলত গাঁওবাসীয়ে গাঁওখনৰ পৰা প্ৰায় দুই-তিনি মাহলৈকে ওলাব নোৱাৰাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্বাচন আহিলে পথটো নিৰ্মাণ কৰি দিয়া হ’ব বুলি জনপ্ৰতিনিধি সকলে প্ৰলোভন দি ভোট লাভ কৰে ঠিকেই, কিন্তু নিৰ্বাচনৰ পিছত গাঁওখনৰ কথা ৰজাঘৰীয়া সকলে পাহৰি যোৱাৰ ফলত বছৰ বছৰ ধৰি এইদৰে যমৰ যাতনা ভুগিব লগা হৈছে গাঁওখনৰ ৰাইজে।
লগতে পঢ়ক : ডিমাপুৰৰ পৰা চুৰ হোৱা ২৭ লাখ টকা গোলাঘাটত উদ্ধাৰ
এনে পৰিস্থিতিৰ ফলত স্থানীয় ৰাইজে চৰকাৰ-জিলা প্ৰশাসন, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠা পৰিলক্ষিত হৈছে। যাৰ ফলত স্থানীয় ৰাইজে কঠিয়া আনি একাঠু বোকাময় পথৰ ওপৰত কঠিয়া ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এইদৰে গাঁওবাসীয়ে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি পথটো নিৰ্মাণ কৰি দিয়াৰ দাবী উত্থাপন কৰিছে।ইমানৰ পিছতো চৰকাৰ-জনপ্ৰতিনিধি বা জিলা প্ৰশাসনে এই পথটোৰ প্ৰতি গুৰুত্ব দিব নে নাই সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হ’ব।