দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পানকাটা গাঁও পঞ্চায়তৰ কুৰালভাঙ্গা-মেঘালয় সংযোগী একমাত্ৰ পথটো স্বাধীনতাৰ ৭ টা দশক পাৰ হোৱাৰ পিছতো চৰকাৰে পথটো নিৰ্মাণ কৰি নিদিয়াৰ ফলত এজাক বৰষুণতেই পথটোত এবুকু পানী জমা হোৱাৰ লগতে বোকাময় হৈ পথটো পথাৰৰ দৰে হৈ পৰাত স্থানীয় ৰাইজে যাতায়ত কৰাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি যমৰ যতনাত ভুগি অহা পৰিলক্ষিত হৈছে। ৰাইজে বোকাময় পথটোৰ ওপৰত কঠিয়া ৰুই চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি পথটো নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে।

জিলাখনৰ আন আন গাঁও পঞ্চায়তৰ তুলনাত অসম-মেঘালয় সীমান্তৱৰ্তী পানকাটা গাঁও পঞ্চায়তখন স্বাধীনতাৰ ৭ টা দশক পাৰ হোৱাৰ পিছতো উন্নয়নৰ মুখ দেখা নাই। বিশেষকৈ পঞ্চায়তখনৰ অধীনত থকা পাহাৰীয়া এলেকা কুৰালভাঙ্গা, চাটিভূই, শ্বালিভূই আদি গাঁৱত এখনো পকী পথ নথকাৰ ফলত এজাক বৰষুণ হলেই গাঁও কেইখনৰ প্ৰতিটো পথ বোকাময় হৈ পৰে। বিশেষকৈ কুৰালভাঙ্গা গাঁৱৰ পৰা মেঘালয় সংযোগী একমাত্ৰ পথটো বৰষুণ দিয়াৰ ফলত বিগত প্ৰায় ১৫ দিন ধৰি পথটোৰ ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী জমা হৈ থকাৰ লগতে একাঠু বোকা হৈ পথ নে পথাৰ ধৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

প্ৰতি বছৰে বাৰিষাৰ সময়ত এইদৰে এই পথটো বোকাময় হৈ পৰাত গাঁওখনৰ ৰাইজে ভীষণ অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হয়। পথটো জৰাজীৰ্ণ হৈ পৰাৰ ফলত গাঁওবাসীয়ে গাঁওখনৰ পৰা প্ৰায় দুই-তিনি মাহলৈকে ওলাব নোৱাৰাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্বাচন আহিলে পথটো নিৰ্মাণ কৰি দিয়া হ’ব বুলি জনপ্ৰতিনিধি সকলে প্ৰলোভন দি ভোট লাভ কৰে ঠিকেই, কিন্তু নিৰ্বাচনৰ পিছত গাঁওখনৰ কথা ৰজাঘৰীয়া সকলে পাহৰি যোৱাৰ ফলত বছৰ বছৰ ধৰি এইদৰে যমৰ যাতনা ভুগিব লগা হৈছে গাঁওখনৰ ৰাইজে। ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ সময়তো বৰ্তমানৰ বিধায়ক গৰাকীয়ে ভোট বিচাৰি গাঁওখনত সভা পাতিছিল। গঞা ৰাইজে পথটো নিৰ্মাণৰ বাবে অনুৰোধ জনাইছে বিধায়ক গৰাকীক কিন্তু ভোটত জয়ী হৈ বিধায়ক হোৱা আমিনুল ইছলাম নিৰ্বাচনৰ পিছত গাঁওখনৰ ৰাইজৰ এবাৰো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক : মানকাচৰৰ তিনিখন আদৰ্শ ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰিলে আইএএছ বিষয়া মুকেশ চাহু

এনে পৰিস্থিতিৰ ফলত স্থানীয় ৰাইজে চৰকাৰ-জিলা প্ৰশাসন, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠা পৰিলক্ষিত হৈছে। যাৰ ফলত স্থানীয় ৰাইজে কঠিয়া আনি একাঠু বোকাময় পথৰ ওপৰত কঠিয়া ৰুই এবুকু পানী থকা পথৰ ওপৰত জাল টানি মাছ ধৰি অভিনৱ প্ৰতিবাদ কৰে। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এইদৰে গাঁওবাসীয়ে অভিনৱ প্ৰতিবাদ কৰি পথটো নিৰ্মাণ কৰি দিয়াৰ দাবী উত্থাপন কৰিছে। ইমানৰ পিছতো চৰকাৰ-জনপ্ৰতিনিধি বা জিলা প্ৰশাসনে এই পথটোৰ প্ৰতি গুৰুত্ব দিব নে নাই সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,146 other subscribers

Leave a comment

Leave a Reply