শিৱসাগৰ : কেন্দ্ৰীয় চৰকাৰ প্ৰতাৰণা বলি হ’ল অসমৰ ছয় জনগোষ্ঠী। অসমৰ ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীক পুণৰ পিঠি দিলে কেন্দ্ৰীয় চৰকাৰে এই অভিযোগ মটক জনগোষ্ঠী সংগঠনৰ।

মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰাত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠে মটক জনগোষ্ঠী সংগঠন। শেহতীয়াকৈ অৰুণাচলৰ কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণ কৰিলে যদিও বাদ পৰিল অসমৰ ছয় জনগোষ্ঠী।

মটক জনগোষ্ঠীক জনজাতিকৰণ নকৰাত শুকুৰবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰে।শিৱসাগৰ নগৰৰ দ’লমুখ চাৰি আলিত সন্মিলনে দাহ কৰে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ প্ৰতিকৃতি।

লগতে পঢ়ক : আই নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বিস্তৃৰ্ণ অঞ্চল

সন্মিলনৰ অৰ্ধশতাধিক কৰ্মী তথা বিষয়ববীয়াই মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা দিয়ক, অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে চৰম প্ৰতাৰণা কৰি অহা বুলিও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সন্মিলনৰ কৰ্মকর্তা সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply