নিউজ ডেস্কঃ চিৰিয়াখানা সুৰক্ষা মঞ্চই আজি অসম ৰাজ্যিক চিৰিয়াখানাৰ সমূখত সাব্যস্ত কৰে প্ৰতিবাদ। চিৰিয়াখানাৰ পৰা বহু জন্তু আম্বানিৰ গুজৰাটত নিৰ্মাণ কৰা চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী।
এই প্ৰতিবাদত সঁহাৰি জনাই প্ৰতিবাদস্থলীত উপস্থিত হয় বুদ্ধিজীৱী ড০ হীৰেণ গোঁহাই আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। তেওঁলোকে চিৰিয়াখানাৰ পৰা ইতিমধ্যে প্ৰেৰণ কৰা জীৱ, জন্তুবোৰ পুনৰ ঘূৰাই অনাৰো দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে, আম্বানিৰ চিৰিয়াখানালৈ দুষ্প্ৰাপ্য ঘোং, গঁড়, হৰিণ, বহু কেইটা প্ৰজাতিৰ বান্দৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা লৈ যোৱা হৈছে। ইফালে, প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰিছে।