নিউজ ডেস্কঃ নুমলীগড় শোধানাগাৰত শুক্ৰবাৰে কৰ্মৰত শ্ৰমিকে কৰিলে এক ব্যতিক্ৰমী প্ৰতিবাদ। চোলাত বাদামৰ পেকেট বান্ধি প্ৰতিবাদ কৰিবলৈ ওলাই আহিল বহুকেইজন শ্ৰমিক। নুমলীগড় শোধানাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে বে-আইনী ভাৱে এজন শ্ৰমিকক নিলম্ৱনৰ কৰা বিৰোধিতাৰে শোধানাগাৰটোৰ মুখ্যদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গ’ল।

প্ৰতিবাদকাৰী সকলে জনোৱা অনুসৰি, ২০ জানুৱাৰী তাৰিখে ভোজনালয়ত দ্বায়িত্ব কৰা এজন ঠিকা শ্ৰমিকে চাহৰ লগত ম্যাদ উকলি যোৱা বাদাম যোগান ধৰিছিল। উক্ত বাদাম পেকেটোক কেন্দ্ৰ কৰিয়ে শোধানাগাৰটোৰ উচ্চ পদস্থ বিষয়াই শ্ৰমিক গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে বুলি জনিবলৈ দিয়ে ।

যিসকলে ভোজনালয়ৰ বস্তু ক্ৰয় কৰে আৰু পৰ্যবেক্ষণৰ দায়িত্বত থাকে, তেওঁলোকৰ দোষ ঢাকিবলৈ এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে।

যাৰ ফলত শ্ৰমিক ইউনিয়নে নিলম্বিত শ্ৰমিকজনক ন্যায় প্ৰদান কৰিবলৈ এনেদৰে ব্যতিক্ৰমী প্ৰতিবাদ কৰিবলৈ ওলাই অহা দেখা পোৱা গ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply