গুৱাহাটী : গুৱাহাটীৰ মিজোৰাম হাউচৰ সন্মুখত উত্তাল প্ৰতিবাদ। বীৰ লাচিত সেনাই মিজোৰামৰ হাউচৰ সন্মুখত গামোচা উৰুৱাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ গুলী অসম আৰক্ষীৰ ছয়জনকৈ জোৱান শ্বহীদ হোৱা ঘটনাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰে।
মিজোৰাম হাউচৰ সন্মুখত অসম আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে গামোচা উৰুৱাই উত্তাল প্ৰতিবাদ। অসম আৰক্ষীৰ ওপৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বিৰুদ্ধে বীৰ লাচিত সেনাই মিজোৰাম হাউচৰ সন্মুখত গামোচা উৰুৱাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে মিজো চৰকাৰৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বীৰ লাচিত সেনাই মিজোৰাম হাউচত গামোচা উৰুৱাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে মিজোৰাম হাউচৰ চৌহদত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী সকলে বাহিৰতে গামোচা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।
বীৰ লাচিত সেনাৰ প্ৰতিবাদ অব্যাহত থাকৰ মাজতে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ অন্য এটা সংগঠনে মিজোৰাম হাউচৰ সন্মুখ উত্তাল কৰি তোলে। সংগঠনটোৱে বিভিন্ন মিজো চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে অসম আৰক্ষীৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে।
লগতে পঢ়ক : অসম মিজোৰাম সীমান্তৰ উত্তেজনাক লৈ কিমান গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ
সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ এগৰাকী নেতাই অসম আৰক্ষীৰ ওপৰত কলা মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাৰ তদন্তৰ দাবী জনায়। সংগঠনটোৱে শনিবাৰৰ পৰা মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰি যোৰাবাটত মিজোৰামলৈ যোৱা সকলো বাহন অৱৰোধ কৰাৰ হুংকাৰ দিয়ে।