মাজুলীঃমাজুলীক লৈ অসমীয়া এখন আগশাৰীৰ বাতৰি কাকত প্ৰকাশ পোৱা এটা বিৰূপ লেখা সন্দৰ্ভত প্ৰতিক্ৰিয়া। চেলিম আলী নামৰ এজন লোকৰ এটি লেখনিক লৈ এতিয়া মাজুলীত প্ৰতিবাদ।
মাজুলী কোনো দ্বীপ নহয় , এনেধৰণ তুলুঙা মন্তব্য প্ৰয়োগ কৰি মাজুলী ওপৰত ছেলিম আলী নামৰ এগৰাকী লেখকৰ এটি লেখা যোৱা ২৩মে তাৰিখে আমাৰ অসম নামৰ কাকত খনত প্ৰকাশ পাইছিল।
আৰু পঢ়কঃপ্ৰতিবছৰে প্ৰদান কৰা হ’ব ‘অসম ৰত্ন’ বঁটা!কেবিনেটৰ সিদ্ধান্ত
সেই সন্দৰ্ভত মঙলবাৰে মাজুলী গড়মূৰ প্ৰেছ ক্লাবত মাজুলীৰ বিভিন্ন দল সংগঠনৰ এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
নদী দ্বীপ মাজুলীৰ ওপৰত ভৱিষ্যতে এই ধৰণৰ তুলুঙা মন্তব্য প্ৰয়োগ কৰি লেখা প্ৰকাশ কৰি নিজৰ অস্তিত্ব প্ৰতিপন্ন নকৰিবলৈ সকিয়াই দিয়ে।