শিৱসাগৰৰ পৰা আমিনুৰ ৰহমান: শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধক লৈ আজি উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ জাজীৰ পৰা ডিমৌলৈকে নিৰ্মাণ কৰি থকা পথটো নিৰ্মানত দুৰ্নীতি হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।ঘাইপথ নিৰ্মাণৰ সকলো নীতি নিয়ম ভংগ কৰি নিৰ্মাণ কাৰ্য চলাই থকাৰ বিৰুদ্ধে শিৱসাগৰৰ দৰিকাপাৰত হোৱা এই প্ৰতিবাদৰ সময়ত হতাহতি পৰ্যন্ত হয় আৰক্ষীৰ লগত। বৰ্তমান সময়ত ৰাস্তাটোৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ দাবীত দল সংগঠন সমুহে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সচিব গিৰিধৰ আমানিৰ বাহন প্ৰতিবাদ চলি থকা সময়তে উপস্থিত হোৱাত ৰাইজৰ দল , ছাত্র মুক্তি সংগ্ৰাম সমিতি , জাতীয় সংগ্ৰামী সেনা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰী সকলে উত্তাল প্ৰতিবাদ কৰে ৷
জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি দাবীত এইদৰে ঘাইপথ অৱৰোধ কৰি বিক্ষোপ প্ৰদৰ্শন দল সংগঠন সমুহে ৷ আৰক্ষীৰ সৈতে হোৱা হতাহতিত লিপ্ত হয় দল সংগঠনৰ নেতাও। আৰক্ষীয়ে ডিঙিত ধৰি গতিয়াই নিয়ে প্ৰতিবাদকাৰীক। এই হত্যাহতিত আৰক্ষীকো থেলা হেচা কৰে দল সংগঠনৰ প্ৰতিবাদী ৰাইজে। চাৰিলেন যুক্ত পথৰ নিৰ্মাণৰ কামত হোৱা গাফিলতিৰ বাবেই এই প্ৰতিবাদ কৰে।