হাটশিঙিমাৰী : মেট্ৰিক পৰীক্ষা বাতিলৰ দাবীত হাটশিঙিমাৰীত শিক্ষাৰ্থীৰ প্ৰতিবাদ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত মঙলাবাৰে দিনৰ ১১.৩০ বজাত মেট্ৰিক পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষাৰ্থী সকল।
উল্লেখ্য যে কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ শতাধিক শিক্ষাৰ্থীয়ে হাতে হাতে প্লেকাৰ্ড লৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদৰ জৰিয়তে অসমত মেট্ৰিক পৰীক্ষা বাতিলৰ দাবী তুলি শিক্ষাৰ্থী সকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে চিবিএছচিকে ধৰি কেইবাটাও পৰীক্ষা বাতিল কৰিছে।
আনহাতে কভিডৰ ভয়াবহতাৰ বাবে আন আন ৰাজ্যতো মেট্ৰিক পৰীক্ষা বাতিল কৰা হৈছে। সেইহে অসমতো মেট্ৰিক পৰীক্ষা বাতিল কৰিব লাগে বুলি শিক্ষাৰ্থী সকলে দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে অসমত প্ৰতিদিনে ভয়াবহভাৱে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা।