গুৱাহাটীঃ বিগত কেইবাদিন ধৰি অৰুণাচলত পৰি থকা নেৰা নেপেৰা বৰষুণৰ ফলত নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পটোৰ পাৱাৰ হাউচৰ ওপৰৰ এখন গাৰ্ড ৱালৰ এটা বৃহৎ অংশ ভাঙি পৰে। ফলত সম্প্ৰতি গাৰ্ড ৱালৰ ভঙা অংশৰে বৈ অহা পানীৰ ঢলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

২৫ছেপ্তেম্বৰৰ মাজনিশা পাৱাৰ হাউচৰ সোঁ অংশৰ গাৰ্ড ৱাল ভাঙি পৰাত সম্প্ৰতি ২০০০ মেগাৱাট শক্তিৰ NHPC জলবিদ্যুৎ প্ৰকল্পৰ view point-লৈ যোৱা বাটছোৱা বন্ধ হৈ পৰাৰ লগতে পাৱাৰ হাউছ সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ পৰিছিল।

যোৱা ১৬ ছেপ্তেম্বৰতো ২ নং টানেলৰ ওপৰৰ এখন গাৰ্ড ৱালৰ বৃহৎ অংশ ভাগি পৰিছিল। ২ আৰু ৩ নং টানেল ভাঙি পানী আবদ্ধ হৈ পৰাত পানীৰ প্ৰবল হেঁচাত ভাগি পৰিছিল গাৰ্ড ৱালখন।

আৰম্ভণি পৰাই জিলা খনৰ বিভিন্ন দল সংগঠনে নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে যদিও কাৰোলৈকে কেৰেপ নকৰি জুৰ-জুলুমকৈ নিৰ্মাণ কৰিব বিচৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচটাকৈ ডাইভাৰটিং টাৰ্ণেল তচনচ কৰিছে পাহাৰৰ পৰা হোৱা বৰষুণৰ অত্যাধিক পানীয়ে। টাৰ্নেলটোত থুনুকা পাহাৰৰ মাটি খহি বিপদ আহি পৰিছে প্ৰকল্পটোলৈ। ধাৰাষাৰ বৃষ্টিপাতৰ ফলত প্ৰকল্পৰ বান্ধত বহুবাৰ দুৰ্ঘটনা সংঘটিত আহিছে যদিও এন এইচ পি চিৰ কৰ্তৃপক্ষই কৌশলৰে লুকোৱাই ৰাখিছে৷

এন এইচ পি চিৰ কতৃপক্ষই ইমানেই অভিসন্ধি কৰিবলৈ আৰম্ভ কৰিছে যে প্ৰকল্পৰ উক্ত স্হানলৈ কোনো সংবাদ মাধ্যমৰ মানুহকেই যাবলৈ দিয়া হোৱা নাই৷ এন এইচ পি চিৰ কতৃপক্ষই যি মানেই সৰ্তকতা অৱলম্বন কৰিলেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠন আৰু ৰাইজে ৷

আৰম্ভণীৰে পৰা এই বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰে, আনহাতে সদৌ অসম ছাত্ৰ সন্থাই (এএএছইউ) লখিমপুৰত পিএছইউ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি তুলে। নদী বান্ধ বিশেষজ্ঞ‌ মতেও গেৰুকামুখৰ দৰে ভূকম্পন অঞ্চলটোৰ পাহাৰত কেতিয়াও বৃহৎ নদী বান্ধ নিৰ্মাণৰ সম্ভপৰ নহয়। কিন্তু বিশেষজ্ঞৰ কথাকো আওকাণ কৰি দিনে নিশাই চলি আছিল বান্ধনিৰ্মাণৰ কাম।

আছুৰ নেতা আৰু সদস্যসকলেও চৰকাৰ আৰু এন এইচ পি চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে দাবী কৰে যে শেহতীয়াকৈ হোৱা ক্ষতিৰ ফলত প্ৰকল্পটোৰ ওচৰত বসবাস কৰা লোকসকলৰ জীৱন আৰু সম্পদৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে।

প্ৰতিবাদকাৰী সকলে এন এইচ পি চিৰ প্ৰতিমূৰ্তিও দাহ কৰে, আৰু “প্ৰাণ হেৰুৱাই উন্নয়ন সহ্য কৰা নহ’ব” বুলি শ্ল’গান দিয়ে।সোৱণশিৰি নদীৰ ওপৰত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য ২০১১ চনৰ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈকে চলিছিল । সেইসময়ত  স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ ফলত কিছু সময়ৰ বাবে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ পৰিছিল।

শুকুৰবাৰে ভূমিস্খলনৰ ফলত প্ৰকল্পটোৰ view point-লৈ যোৱা সুৰংগ বন্ধ হৈ ক্ষতিগ্ৰস্ত হৈছিল। এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি বিষয়াসকলে জনাইছিল। মথাউৰিৰ ভেটি নিৰ্মাণৰ বাবে নদীখন মূল সূঁতিৰ পৰা আঁতৰ কৰাৰ বাবে অস্থায়ী ভাৱে কোম্পানীটোৱে পাঁচটা ডাইভাৰচন সুৰংগ নিৰ্মাণ কৰিছিল।

কিন্তু ২০২০ চনত আউটলেটত ৫ নং সুৰংগ বন্ধ হৈ পৰিছিল, আৰু চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত প্ৰৱেশ স্থানৰ ওচৰত ২ নং সুৰংগ ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছিল।জুন মাহত ২ নং সুৰংগৰ ওপৰৰ ভাগ খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হৈছিল আৰু আন এজন গুৰুতৰভাৱে আহত হৈছিল।

অসম চৰকাৰে চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাজ্য সভাক জনাইছিল যে উক্ত অভিলাষী প্ৰকল্পটোৰ আংশিক কমিচনিং ২০২২ চনৰ আগষ্টলৈকে পিছুৱাই দিয়া হৈছে।

এন এইচ পি চিৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি ২০২৩ চনৰ আগষ্ট মাহত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ২০২০ চনৰ ডিচেম্বৰ মাহত কোম্পানীটোৱে গেৰুকামুখত প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে ২০২২ চনৰ মাৰ্চ মাহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply