বাঘবৰ : বিধায়ক শ্বেৰমান আলীৰ গ্ৰেপ্তাৰক লৈ বাঘবৰৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। অসমৰ চৰকাৰক গৰিহণা বাঘবৰৰ ৰাইজৰ। অতি শীঘ্ৰে বিধায়ক শ্বেৰমান আলীক মুকলি কৰি দিয়াৰ দাবী। তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাকলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাঘবৰৰ ৰাইজে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেক, শেৰমান আলী আহমেদক বিনা চৰ্তে মুক্তি দিয়ক আদি শ্ল’গানেৰে বাঘবৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

লগতে পঢ়ক : উৎকোচৰ গোচৰত আটক ঠেলামৰাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ

শনিবাৰে নিশা বাঘবৰৰ শ শ ৰাইজে আমৰণ অনশন কাৰ্যসূচী হাতত লৈ যেতিয়ালৈকে বিধায়ক শ্বেৰমান অলীক অসম আৰক্ষীয়ে মুকলি কৰি নিদিয়ে তেতিয়ালৈকে আন্দোলন চলাই নিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ৰাইজে। দেওবাৰে বাঘবৰ বন্ধৰো ঘোষণা কৰিছে প্ৰতিবাদকাৰী ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply