শোণিতপুৰঃ শোণিতপুৰত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ক’ভিড ভেকচিন প্ৰদান।
১১ টা কেন্দ্ৰত কভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে জানিবলৈ দিয়ে ।
আনহাতে জিলাখনত বৃহস্পতিবাৰৰ দিনটোলৈকে প্ৰায় ডেৰ লক্ষাধিক লোকক প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন।
শোণিতপুৰ জিলাত বৃহস্পতিবাৰ পৰ্যন্ত ১,২৯,৬২৯গৰাকী লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৯৯,৮২১গৰাকীক কভিডৰ প্ৰথম পালি প্ৰতিষেধক দিয়াৰ লগতে ২৯,৮০৮গৰাকীয়ে ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে।
ইফালে শোণিতপুৰ জিলাত ক’ভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেতবোৰ স্থান কন্টেইনমেন জ’ন হিচাপে চিনাক্ত কৰা বিষয়টো শোণিতপুৰ জিলা প্ৰশাসনে চিন্তা কৰা বুলিও উপায়ুক্ত গৰাকীয়ে ব্যক্ত কৰে।
আনহাতে জিলা স্বাস্থ্য বিভাগে আজি তেজপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়তে কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰী সকলৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰে।