ছিপাঝাৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ ছিপাঝাৰতো ভয়াবহ ভাৱে কৰ্কট,কিডনী দৰে দুৰাৰোগ্য ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
এই ৰোগী সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে ছিপাঝাৰ সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ ৭০০ গৰাকী আবেদনকাৰী ৰোগীৰ ভিতৰত প্ৰথম পৰ্যায়ত ৬৪ গৰাকী ৰোগীক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা দহ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।
লগতে পঢ়কঃশিলডুবি স্বাস্থ্যকেন্দ্ৰত চলি থকা অনিয়মে জলাকলা খুৱাইছে সাধাৰন ৰাইজক
ছিপাঝাৰ বিজেপি কাৰ্য্যালয়ত অনুস্থিত হোৱা সভাখনত কৰ্কট ৰোগীসকলৰ উন্নত চিকিৎসাৰ বাৱে বিশেষ ভাৱে সহায় কৰাৰ কথা ব্যক্ত কৰে বিধায়ক গৰাকীয়ে।
পর্যায়ক্রমে ৰোগীসকলৰ আবেদনৰ ভিত্তিত সকলো ৰোগীকে সহায় কৰাৰ আশ্বাস দিয়ে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ।