পি এছ অ’ এৰিব নোৱাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। ভৱেশ কলিতাৰ মতে, মুখ্যমন্ত্ৰীয়ে সকলো বিধায়কেই পি এছ অ’ এৰিব লাগিবই বুলি কোৱা নাই। এইটো বিধায়ক গৰাকীৰ নিজা সিদ্ধান্ত।
ভবেশ কলিতাৰ যুক্তি, এগৰাকী বিধায়ক বহু কাম-কাজৰ বাবে নিশাৰ ভাগত ৰাজপথেৰে যাব লগা হয়।তেনে ক্ষেত্ৰত কোনোৱে যদি বিধায়ক বুলি চিনি নাপাই যদি আক্ৰমন কৰে তেতিয়া কি হ’ব।
বিৰোধীয়েও জানি শুনি তেনে কাম কৰাৰ সম্ভাবনা নথকা নহয়। নিজৰ আক্ৰোশৰ প্ৰতিশোধ ল’বৰ বাবেও কোনোৱে তেনে কৰিব পাৰে।
নিশাৰ ভাগত ৰাজপথত সুৰাপায়ী সকলে যদি বিধায়ক এগৰাকীক চৰিয়াই দিয়ে। তেতিয়া আকৌ বিধায়কৰেই সুৰক্ষা নাই, সাধাৰণ জনতাৰ ক’ত থাকিব বুলি বিৰোধী বা সাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিব,এই মন্তব্য বিজেপি সভাপতিৰ।
বিজেপি সভাপতি গৰাকীৰ বক্তব্যত এটা কথা স্পষ্ট হ’ল ৰাজ্যৰ সুৰক্ষা ব্যবস্থাটোক মুঠেও বিশ্বাসত ল’ব পৰা অৱস্থাত নাই।