গুৱাহাটী: বৃহৎ নদীবান্ধৰ বিৰোধিতাত দেৱাল অংকন কৰাৰ বাবে অসমৰ চিত্ৰশিল্পী নীলিম মহন্তক দেওবাৰে নিশা অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। মহন্তৰ গ্ৰেপ্তাৰ প্ৰসংগত গুৱাহাটীস্থিত ‘অংগ আৰ্ট কালেক্টিভ’-এ প্ৰদান কৰা এক বিবৃতি তলত তুলি ধৰা হ’ল –
যোৱাকালি ৰাতি চ’চিয়েল মিডিয়া যোগে আমি এই খবৰ লাভ কৰিলোঁ যে অসমৰ যুৱ শিল্পী নীলিম মহন্তক অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত নিজ বাসগৃহৰ পৰা আটক কৰিছে। অভিযোগ অনুসৰি মহন্তই ইটানগৰ সচিবালয়ৰ ‘wall of harmony’ত অংকিত নদী-বান্ধৰ এখন ৱাল-পেইণ্টিঙৰ ওপৰত No More Dams বুলি গ্ৰাফিটি অংকণ কৰিছে। ৰাজহুৱা কৰ্তৃত্বৰ দ্বাৰা সুৰক্ষিত সম্পত্তি নষ্ট কৰাৰ গুৰুতৰ অভিযোগ তেওঁৰ বিৰুদ্ধে অনা হৈছে। একেটা ঘটনাতেই অৰুণাচলৰ এজন অধিবক্তা, এক্টিভিষ্ট Ebo Mili কো আটকাধীন কৰি ৰখাৰ খবৰ পোৱা গৈছে। আমি কেওজন আটকাধীনলৈ আমাৰ solidarity আগবঢ়াইছোঁ।
প্ৰকৃততে চৰকাৰ আৰু শাসকীয় পক্ষইহে এক দীৰ্ঘ সময়ৰে পৰা ‘ৰাজহুৱা’শব্দটোৰ অৰ্থ বিকৃত কৰাৰ সামাজিক-ৰাজনৈতিক দুস্কৃতিত লিপ্ত হৈ আহিছে। ক্ৰমশ: ৰাজহুৱা পৰিসৰত – অৰ্থাৎ, মিডিয়া, চ’চিয়েল মিডিয়া, শিক্ষানুষ্ঠান, সাংস্কৃতিক প্ৰতিষ্ঠান, ৰাজহুৱা আলাপৰ ঠাই, দেৱাল আদি সকলোতে শাসকীয় পক্ষই মতামতৰ ভিন্নতা আৰু বিৰুদ্ধ মতৰ স্থান আদি নাইকিয়া কৰি অহা হৈছে। তাৰ সমান্তৰালভাৱে ৰাজহুৱা সম্পদ আৰু অনুষ্ঠানবোৰত জনসাধাৰণৰ স্বত্বাধিকাৰ নাইকিয়া কৰি কেৱল পুঁজিৰ প্ৰসাৰৰ মাধ্যম হিচাপে বৃহৎ কোম্পানী, শক্তিশালী মাফিয়া আদিৰ হাতত তুলি দিয়া হৈছে নদী, পাহাৰ, পথাৰ সকলোবোৰ।
ৰাজনৈতিক চল-চাতুৰীৰে ধূলিসাৎ কৰা হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ব্যাপক অঞ্চলত থকা ষষ্ঠ অনুসূচীৰ তাৎপৰ্য। নদীবান্ধ নিৰ্মাণৰ তৎপৰতাৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। বৃহৎ নদীবান্ধৰ বাবে পাৰিৱেশিক পাৰস্পৰিকতাত সৃষ্টি হোৱা বিঘিনি, জনগোষ্ঠীসমূহৰ বাসভূমিত পৰিবলৈ আৰম্ভ কৰা প্ৰভাৱ আৰু প্ৰলয়ংকাৰী দূৰ্ঘটনাৰ আশংকা আদিৰ পৰিপ্ৰেক্ষিতত অৰুণাচল আৰু অসম উভয় ঠাইতেই সময়ে সময়ে বিক্ষোভ, আন্দোলন আদি হৈ আহিছে। কিন্তু, ৰাজহুৱা পৰিসৰৰ পৰা নদীবান্ধৰ সমস্যাক লৈ হোৱা সকলো আলাপ-আলোচনা, জনসাধাৰণৰ প্ৰতিবাদী কণ্ঠ আদি আটাইবোৰ মচি, নাইকিয়া কৰি এক ভ্ৰান্ত দিবাস্বপ্ন তৰি দিবলৈ শাসকীয় পক্ষ ক্ৰুৰতাৰে আৰু কুটকৌশলেৰে তৎপৰ।
ইয়াৰ বিপৰীতে প্ৰকৃত wall of harmony আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে অসমৰ সংহতিও প্ৰতিষ্ঠা হ’ব পাৰে জনসাধাৰণৰ আশা-আকাংক্ষা, উদ্বেগ, প্ৰতিবাদী ভাষা, পৰিৱেশসংক্ৰান্তীয় সামাজিক চেতনাৰ পাৰস্পৰিক আদান-প্ৰদানৰ মাজেৰেহে। তাৰ ভিত্তিত আমি দ্বিধাহীন যে No More Dams সংহতি আৰু ঐক্যৰ এক প্ৰকৃত বাৰ্তা।
শেহত, বৰ্তমানৰ ৰাজনৈতিক-সামাজিক পৰিপ্ৰেক্ষিতত শিল্পীৰ ভূমিকা সম্পৰ্কে আমি আগেয়ে আগবঢ়োৱা বক্তব্য এটি পুনৰ দোহাৰোঁ:
“শিল্পীসত্বাৰ স্বাধীনতা কোনো বিচ্ছিন্ন বিষয় নহয়। বৰং, ৰাজহুৱা চিন্তাৰ বিষয় কি হোৱা উচিত, ৰাজহুৱা পৰিসৰ ব্যৱহাৰ কৰিবৰ অধিকাৰ ৰাইজৰ আছে নে নাই – এনেবোৰ বিষয়তেই এক সংঘাত আমাৰ সমুখত চলি আছে। এই কথা বৰ্তমান সুস্পষ্ট যে প্ৰশাসনিক, আইনী ব্যৱস্থাৰে ৰাজহুৱাৰ পৰিসৰ যিধৰণে সংকুচিত আৰু নিয়ন্ত্ৰণ কৰা হৈছে, তাৰ গুৰিতে আছে পুঁজিৰ উপযোগীকৈ ব্যক্তিগত মালিকানাৰ আধিপত্য প্ৰতিষ্ঠাৰ উদগ্ৰ চেষ্টা।
নদীবান্ধৰ ৰাজনীতি, উচ্ছেদকৰণ আৰু পুঁজিপতিলৈ মাটি হস্তান্তৰকৰণ, টোলগেইট আদি নানান কাণ্ড-কাৰখানাত অসমৰ জনসাধাৰণে পুঁজিৰ এই আগ্ৰাসনৰ স্বৰূপ দেখিছে। শিক্ষা, স্বাস্থ্য, পৰিবহণ আদিৰ দৰে নাগৰিক অধিকাৰৰ সৈতে জড়িত ৰাজহুৱা পৰিসৰৰ ব্যক্তিগতকৰণ আৰু পুৰণি কথা হৈ থকা নাই।
ৰাজহুৱা পৰিসৰৰ এনে সংকোচনে বৰ্তমান যি পৰ্যায় পাইছে, তাত আপেক্ষিকভাৱে আৰু আলংকাৰিকভাৱেহে ইবোৰ ৰাজহুৱা । ৰাজহুৱা স্থানত লাভ কৰিবলগীয়া সেৱাসমূহেও যেনেধৰণে পণ্যকৃত কৰা হৈছে, সিয়েই তাৰ উমান দাঙি ধৰে। এই অৱস্থাত ৰাজহুৱা স্থানৰ শিল্প-কৰ্মও পৰিণত হয় কাৰোবাৰ মালিকানাধীন উপভোগ্য পণ্যলৈ। আংগিকসৰ্বস্ব ৰাজহুৱাৰ উপস্থাপনাত শিল্প-কলাও অন্য এক আলংকাৰিক সংযোজনত পৰিণত কৰিবলৈকে এই ব্যৱস্থাই উৎসাহ যোগায়।
এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে থিয় নোহোৱাকৈ, সমূহীয়া ৰাজনীতিৰ সৈতে সংযোগ স্থাপন নকৰাকৈ আজিৰ ৰাজহুৱা শিল্প-কলাই পুঁজিৰ পাকচক্ৰৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে। আংগিক-বিষয়গত সন্ধানৰ সমান্তৰালভাৱে আদৰ্শগত স্পষ্টতাৰে এইখন সংগ্ৰামৰ অংশীদাৰিত্ব অপৰিহাৰ্য।”
অংগ আৰ্ট কালেক্টিভ, গুৱাহাটী
লগতে পঢ়ক – অস্কাৰত অঘটন! কমেডিয়ান ক্ৰিছ ৰকৰ গালত উইল স্মিথৰ প্ৰচণ্ড চৰ