পল্লব মিলি,লখিমপুৰ: লখিমপুৰ জিলাৰ ছিয়াজুলীৰ বৃহত্তৰ বোকানলা অঞ্চলৰ একমাত্ৰ যাতায়তৰ মূল পথচোৱাত থকা ৰেল ক্ৰছিঙত ৰেল গেট নথকাৰ বিপদৰ সন্মুখীন হোৱাৰ শংকাত ভুগিছে অঞ্চলটোৰ ৰাইজে ।
উন্মুক্ত হৈ থকা উক্ত পথচোৱাত ৰেলগেট স্থাপন কৰি দিবলৈ বাৰাম্বাৰ বিভাগীয় কতৃপক্ষ তথা অসম চৰকাৰক আবেদন নিবেদন কৰি থকাৰ পিছতো গুৰুত্ব নিদিয়াত ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।
উক্ত স্থানত ৰেলগেট স্থাপন নোহোৱাত আজি স্থানীয় ৰাইজ ওলাই আহি ৰেলগেট স্থাপনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
বৃহত্তৰ বোকানলা অঞ্চলৰ ১০ খন গাঁৱৰ ৰাইজ উন্মুক্ত হৈ থকা ৰেলক্ৰছিঙৰ ওপৰেৰে বিপদসংকুল ভাবে যাতায়ত অব্যাহত ৰাখিছে । ৰেল লাইনটো পাৰ হোৱা সময়ত বিশেষ ভাবে দুচকীয়া বাহন সমূহে যথেষ্ট সমসাৰ সন্মুখীণ হৈ আহিছে।
উক্ত স্থানত শীঘ্ৰে ৰেলগেট স্থাপন কৰি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ বিভাগীয় কতৃপক্ষক প্ৰতিবাদ স্থলীৰ পৰাই সকীয়নী দিয়ে।
লগতে পঢ়ক- নিউয়ৰ্ক ফেশ্বন উইকত অসমৰ পাট কাপোৰ