আৰক্ষী সঞ্চালক প্ৰধানে আৰক্ষীসকলক ৰাইজৰ সৈতে সহযোগ কৰাৰ বাবেই যিমানেই কৈ আহিছে সিমানেই আৰক্ষীৰ উদ্ভণ্ডালীৰ খবৰ দিনক দিনে প্ৰকাশ পাই আহিছে। যোৱা নিশা শিৱসাগৰত আৰক্ষীৰ থানাৰ ভিতৰতে আৰক্ষীৰ গুণ্ডাগিৰি । চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰদেব সিঙে নিশা সুৰাৰ ৰাগীত মাতাল হৈ থানাৰ ভিতৰতে নিৰ্বিচাৰ মাৰপিট চলাই। এই ঘটনাত
মহিলাসহ বহুজন আহত হয়।

শিৱসাগৰৰ চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত চুৰি হৈছিল পানী মটৰ।
ৰাইজে মুহিবুল আলি নামৰ এজনক সন্দেহবশত কৰায়ত্ত কৰি লৈ গৈছিল চেৰেকাপাৰ আৰক্ষী চকীলৈ।
কিন্তু আৰক্ষী চকীখনৰ সুৰাসক্ত আৰক্ষী বিষয়া হৰদেব সিঙ খৰ্গহস্তহৈ পৰে ৰাইজৰ ওপৰত।
পুৰুষ মহিলা নিৰ্বিশেষে আৰক্ষী বিষয়াজনে মাৰপিট কৰে গোচৰীয়া পদকীয়া দুয়ো পক্ষক।
আৰক্ষী বিষয়াজনৰ মাৰত গুৰুতৰভাৱে আহত হয় ৰেণু ৰবি দাস, বাসু ৰবি দাস, পিটল গগৈ, ৰাহুল গগৈ, সুখদেৱ ৰবি দাসকে ধৰি দহজনৰো অধিক লোক।
এই ঘটনাত গোচৰীয়া ৰাজীৱ গগৈও আহত হয়। পিষ্টল দেখুৱাই সকলোকে প্ৰাণে মৰাৰ ভাবুকি দিয়ে আৰক্ষী বিষয়াজনে।
এই ঘটনাৰ পিছত আজি আৰক্ষী বিষয়া হৰদেব সিঙৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ৰাইজে এজাহাৰ দাখিল কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply