গুৱাহাটী : ১১ বজাৰ লগে লগেই বন্ধ হ’ল নগৰাঞ্চলৰ দোকান-পোহাৰসমূহ। সময় হোৱাৰ লগে লগে গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰতিখন নগৰতে ব্যবসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ আৰক্ষীৰ তত্পৰতা। ক’ভিড বিধি মানি নিৰ্ধাৰিত সময়ত দোকান বন্ধৰ আহ্বান আৰক্ষীৰ। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজিৰে পৰা নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।
এই নিৰ্দেশনা অনুসৰি দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হোৱাৰ লগতে তাৰ এঘন্টাৰ আগতেই বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে হাট-বজাৰ। পুৱা ১১ বজাতে হাট-বজাৰ, দোকান-পোহাৰ বন্ধ কৰাৰ এই নিৰ্দেশনাৰ পাছতে গুৱাহাটী মহানগৰীৰ বজাৰ আৰু দোকান পোহাৰত যথেষ্ট ভিৰ কৰা দেখা যায়।
পুৱাই বহা শাক-পাচলিৰ লগতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিক্ৰী কৰা বজাৰত গ্ৰাহকৰ অভাৱনীয় ভিৰ দেখিবলৈ পোৱা যায়। অভাবনীয় ৰূপত একেলগে ৰাইজ ওলাই আহে বজাৰলৈ। যানজঁটৰ বাবে ভীষণ সমস্যাৰ সৃষ্টি হয় পুৱাবেলাতেই। প্ৰশাসনে এইবোৰ নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হয়। ইয়াৰ বিপৰীতে কোৰোনাৰ ভয়াবহতাক লৈ এচাম মানুহ যে এতিয়াও সচেতন নহয় সেই ছবিখনেই পোহৰলৈ আহে।