বৈঠালাংছ’ৰ পৰা জাচন ইংহি: “পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ” । সেয়ে জনসাধাৰণক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ মানসেৰে চৰকাৰে পশ্চিম কৰ্বি আংলং জিলা দুখনকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ কাৰ্যলয়ৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে

। পাৰ্বত্য এলেকাত অধিক উন্নয়নৰ সপোন ৰচা ৩ নং চিণ্ঠ পৰিষদীয় সমষ্টিৰ জন প্ৰতিনিধি গৰাকীয়ে জনসাধাৰণক উদ্দেশ্যি কয়ঃ আগত কাৰ্বি পৰিষদে উলু়ঞ্চিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল আৰু উমলাফেৰ আৰু আমটেৰেঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ- সংমণ্ডল স্থাপিত কৰা আৰু চিণ্ঠং বাসীৰ উন্নয়নেই হৈছে মূল লক্ষ্য ৷

এই শুভ উদ্বোধনত ৰংপিক সহযোগ কৰে ২নং আমৰি পৰিষদীয় সমষ্টি স্থানীয় জন প্ৰতিনিধি ডি. উফিং মাচলাই, কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ যুটীয়া সচিব চিইম তাৰ আৰু হামৰেণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা তৰ’ণি ৰংপি উপস্থিত থাকে।

উল্লেখযোগ্য যে,এই আঁচনিৰ জড়িয়তে বিশেষকৈ পাহাৰীয়া জান জুৰিৰ পানী সেৱনৰ পৰা দুখীয়া লোকসকল যথেষ্ট উপকৃত হ’ব বুলি কয় কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে l

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply