অসমত প্ৰথমটো ব্যক্তিগত কোম্পানীক তেল খনন কৰিবলৈ অনুমতি দিয়াৰ পিছত স্থানীয় ৰাইজৰ প্ৰতিবাদৰ বাবেই আজিও আৰম্ভ কৰিব পৰা নাই। তেল কোম্পানীটোৱে খনন কাৰ্য চলাবলগীয়া অঞ্চলটোৰ সম্পৰ্কে কোনো অধ্যয়ন নকৰাকৈ যোৱা ৪ জানুৱাৰীৰ প্ৰথম শুনানী বৰ্জন কৰিছিল। পিছত যোৱা বুধবাৰে হোৱা দ্বিতীয়টো শুনানীটো বিশেষ একো অগ্ৰগতি নোহোৱাত পুনৰ পিছুৱাবলৈ বাধ্য হয়। বাঘজানৰ তৈল খাদ খননৰ সময়ত হোৱা অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষতিগ্ৰস্থ হোৱা ৰাইজে আজিও সমস্যাৰ সন্মুখীন হৈ আছে। ইয়াৰ পিছত এটা নতুন কোম্পানীয়ে আকৌ তেল খনন কৰাক লৈ শংকিত অঞ্চলবাসী। ইয়াৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগেও ইয়াৰ ফলত হ’ব পৰা ক্ষয় ক্ষতিক লৈ সঠিক তথ্য দিয়াত ব্যৰ্থ।
তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিত এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠান কোম্পানিয়ে যোৱা ৪ জানুৱাৰীত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিল কিন্তু কোম্পানিটোৱে প্ৰস্তুত কৰা পৰিৱেশ প্ৰভাৱ মূল্যায়ন ( EIA) খচৰাত অঞ্চলটোৰ তথ্য ভূলকৈ উপস্থাপন কৰাৰ বাবে স্থানীয় লোকে অনুষ্ঠিত কৰিবলৈ নিদি পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ খচৰা শুদ্ধ কৰিবলৈ দাবি জনাই । পুনৰ যোৱা বুধবাৰে কোম্পানীটোৱে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিলে যদিও পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ খচৰা খন শুদ্ধ ৰূপে প্ৰস্তুত নকৰাকৈয়ে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰে।
প্ৰথম শুনানীৰ বিপৰীতে কি নতুনত্ব থাকিল দ্বিতীয় শুনানীত
৪ জানুৱাৰীত অনুষ্ঠিত হোৱা শুনানিৰ বাবে প্ৰস্তুত কৰা খচৰাত খনন কৰিব লগা ঠাইৰ নামেই উল্লেখ নাছিল, ২৫ খনতকৈ অধিক গাওঁৰ নাম উল্লেখ আছিল আৰু সেই গাওঁ সমূহৰ পৰাই বায়ুৰ মানদণ্ড জোখ আৰু অন্যান্য তথ্য সংগ্ৰহ কৰিছিল, কিন্তু আশৰ্যজনকভাৱে সেই গাওঁ সমূহ ১৯৯০ চনৰ পূৰ্বেই উতুৱাই নিছে। গাওঁ সমূহত সূচল পথ, চিকিৎসালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ থকাৰ কথা উল্লেখ আছিল।
নতুন খচৰাত স্থানীয় সমস্যা সমূহ স্বাস্থ্য, শিক্ষা, পথ, জীৱিকা, খোৱাপানী, ঐতিহাসিক স্মাৰক সমূহৰ আভাস কিছু দিয়া হৈছে যদিও ২০২০ ত সংঘটিত বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ কথা পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ খচৰাত উল্লেখ নকৰিলে।
ত্ৰুটিপূৰ্ণ ৰাজহুৱা শুনানি খনত অংশগ্রহণ কৰে কৰ্দৈগুৰি অঞ্চলৰ মৰাণ ছাত্র সন্থা, মৰাণ সভা, আটচা, কৰ্দৈগুৰি যুৱ সংঘ আৰু ব্যক্তি বিশেষে।
ৰাজহুৱা শুনানিত মৰাণ সভাৰ কেন্দ্রীয় কাৰ্যকৰী সমিতিৰ উপ-সভাপতি বিতুপন মৰাণে কয়- তৈল প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় সম্পদ, যদিহে তৈল প্ৰতিষ্ঠানে অঞ্চলটোত শিক্ষা, স্বাস্থ্য, ৰাস্তা, নিৱনুৱা সমস্যাৰ লগতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কোনো ধৰণৰ ক্ষতিগ্রস্ত নোহোৱাকৈ তৈল খনন কৰিলে আপত্তি নাথাকিব, আগতে অনুষ্ঠিত কৰিবলৈ বিচৰা পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ খচৰাত আমাৰ অঞ্চলৰটোৰ সমস্যা সমূহৰ কথা উল্লেখ নাছিল আৰু অঞ্চলটোৰ নামো ভুলকৈ উল্লেখ কৰিছিল।
“ভাবিছিলো কৰ্দৈগুৰি অঞ্চলটো বিশেষকৈ ভূমিপুত্র মৰাণ বসতি প্ৰধান অঞ্চলত সভ্যতা সংস্কৃতি ৰক্ষাৰ কথা উল্লেখ কৰিব কিন্তু পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ খচৰা এই সমূহ কথা উল্লেখ নাই, যিকোনো প্ৰতিষ্ঠান যোৱাৰ লগে লগে পৰিৱেশ বিনষ্ট কৰি পেলাই ইয়াৰ উদাহৰণ বাঘজান অগ্নিকাণ্ড, সভ্যতা সংস্কৃতি ধব্বংস কৰিব পৰা যিকোনো উদ্যোগ পাৰিপাৰ্শ্বিকতা, পৰিৱেশ যিকোনো উদ্যোগ আমি কামনা নকৰো আৰু সেই উদ্যোগে উন্নয়ন কৰা তেনে উদ্যোগো আমাক নালাগে, আমাক বহনক্ষম উন্নয়ন লাগে যি উন্নয়নে পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি পৰিৱেশ ৰক্ষা কৰি জীবকুল পক্ষীকুল, মানুহৰ জীৱন জীৱিকাৰ পথ দেখাব পাৰে তেনে উদ্যোগ হে আমাক লাগে ” এইদৰে East Mojoৰ আগত কয় পৰিৱেশ কৰ্মী মনোজ হাজৰিকাই ।
পৰিৱেশ কৰ্মী হাজৰিকাই লগতে কয় বুধবাৰে অনুষ্ঠিত ৰাজহুৱা শুনানি বিফল, যিহেতু ৪ জানুৱাৰীত প্ৰথমবাৰ যিখন পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ খচৰা প্ৰকাশ কৰিছিল পুনৰ একেখন খচৰাই প্ৰকাশ কৰি শুনানি অনুষ্ঠিত হৈছে, সিহঁতে শুধৰণি নকৰাকৈ খচৰা খন লৈ আহিল, EIA খনত বাঘজানৰ ঘটনাৰ কথা থাকিব লাগিছিল, পাৰিপাৰ্শ্বিক ভাৱে ধব্বংস হল, মাগুৰি বিল ধব্বংস হল, ডিব্ৰুচৈখোৱাৰ জৈৱ বৈচিত্র্যত আঘাত হানিলে, তেল পৰি শিহু মৰিল এই কথাবোৰ উল্লেখ নকৰিল, গতিকে আজিৰ শুনানি ব্যৰ্থ, আৰু দ্বিতীয় বাৰ অনুষ্ঠিত নহয় গতিকে আমি জয়ী হলো বুলি আশা ৰাখিলো”
আনহাতে কটকী সমিতিৰ প্ৰতিবেদনত বাঘজানৰ কোনো এখন তৈল খাদৰ বাবে ৰাজহুৱা শুনানি অনুষ্ঠিত নকৰাকৈয়ে তৈল খনন কৰি আছে যাৰ ফলত বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত মানৱ জীৱনৰ প্ৰতি ভাবুকি অনাৰ লগতে পৰিৱেশৰ ওপৰতো ভাবুকি আনে। বাঘজানৰ লোকে ইয়াৰ বিৰোধিতা কৰি আদালতটো গোচৰ দিব লগা হৈছে ।
বাঘজানৰ পৰা মাত্র ১০ কি মি দূৰত্বত পুনৰ নতুনকৈ তৈল খাদ স্থাপন কৰিব ওলোৱাৰ বাবে ভয়ৰ আশংকাত আছে স্থানীয় লোক সকল, সেই বাবেই ক্ৰটিপূৰ্ণ পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ খচৰা খনৰ পৰা সন্তুষ্ট হব পৰা নাই।
তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত দিপু ডেকাই ইষ্ট মজ’ক কয়-” ইনভেনিয়াৰ এনার্জি নামৰ এটা তৈল প্ৰতিষ্ঠানে এই অঞ্চলত তৈল খনন কৰিবলৈ সুবিধা পাইছে, তাৰ বাবে পৰিৱেশ পৰিষ্কাৰণৰ(EC) ৰ আবেদন কৰিবলৈ হলে প্ৰদূষণ নিয়ন্ত্রণ বৰ্ডৰ ফালৰ পৰা ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিবলৈ লাগে। সেইবাবেই কৰৈগুৰি অঞ্চলত ৰাজহুৱা শুনানি অনুষ্ঠিত হয়, ইয়াৰে স্থানীয় ৰাইজ আৰু সংগঠন উপস্থিত আছিল, পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ খচৰাত তেখেত সকলে ভুল সমূহ আঙুলিয়াই দিছে সেইসমূহ সংশোধন কৰি চূড়ান্ত প্রতিবেদন প্ৰস্তুত হব সেই সমূহৰ ওপৰত আলোচনা হৈছে”। লগতে ডেকাই কয় “পূর্বে প্ৰস্তুত কৰা খচৰা খনত অঞ্চলটোৰ নাম ভুল হৈ আছিল আৰু এতিয়াও ভুল হৈ আছে বুলি স্থানীয় লোক সকলে অভিযোগ কৰিছে।” সাংবাদিকে অতিৰিক্ত উপায়ুক্ত গৰাকীক শুধৰণি কৰাৰ পাছটো কিয় ভুল থাকি গল, সেই শুধৰণি কোনে কৰিছিল বুলি প্ৰশ্ন কৰাত কয় “এই বিষয়ে কোনে শুধৰণি কৰিছে মই নাজানো বিভাগেৰ কতৃপক্ষেক শুধৰ বুলি উত্তৰ প্ৰদান কৰে”।
পৰিৱেশ প্ৰদূষণ নিয়ন্ত্রণ বৰ্ডৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ মূখ্য অভিযন্তা হীৰেন পেগুক শুধৰণি কৰিবলৈ দিয়াৰ পাছটো কিয় শুদ্ধ নহল বুলি প্ৰশ্ন কৰাত সংবাদমাধ্যমৰ আগত বক্তব্য প্রদান কৰিবলৈ মানা আছে বুলি কৈ সংবাদ মাধ্যমৰ পৰা আতঁৰি থাকে।
বুধবাৰে অনুষ্ঠিত ৰাজহুৱা শুনানিৰ পাছটো যি সকল লোকে অভিযোগ দিব বিচাৰে তেওঁলোকে এটা সপ্তাহৰ সময়ৰ ভিতৰত প্ৰদূষণ নিয়ন্ত্রণ বৰ্ডৰ কাৰ্যালয়ত নতুবা বিভাগৰ ইমেইল ro_dibrugarh@pcb.org ত মেইল কৰি অভিযোগ দিব পাৰে বুলি অতিৰিক্ত উপায়ুক্ত দিপু ডেকাই ৰাজহুৱা শুনানিত ঘোষণা কৰে।