গুৱাহাটী : জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পাণ্ডুৰ ৪ নং ৱাৰ্ডস্থিত গোলাৱ চন্দ মন্না লাল চৰকাৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজৱ কাণ্ড। বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ বিদ্যালয়ৰ চৌহদত প্ৰৱেশ দ্বাৰত পানী যোগানৰ ৫০০ ফূটৰ বৰিং কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই আজৱ কাণ্ডক কেন্দ্ৰ কৰি অঞ্চলটোৰ সচেতন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অঞ্চলটোৰ স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে ১৯৫১ চনত স্থাপিত চৰকাৰী বিদ্যালয়খনত বৰ্তমান প্ৰায় ডেৰশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিদ্যালয়খন বৰ্তমান বন্ধ হৈ আছে আৰু এনে সময়তে বিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰত বৰিং কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে।

স্থানীয় ৰাইজৰ অভিযোগ মতে পানী যোগানৰ বাবে উক্ত ঠাইখিনিত বৈদ্যুতিক মটৰ আদিকে ধৰি অন্যান্য সামগ্ৰী স্থাপন কৰা হৈছে যিয়ে বিদ্যালয়খনৰ চৌহদতো ঠেক কৰাৰ লগতে বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰিছে। বিদ্যালয়খন খোলাৰ পিছত যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাও প্ৰকাশ কৰিছে ৰাইজে।

লগতে পঢ়ক : জামুগুৰি বিদুৎ উপসংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাও কৰিলে স্থানীয় ৰাইজে

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী চোৱালা বড়ো আৰু পৰিচালনা সমিতিৰ সভাপতি আশা দেৱীয়ে কয় যে বৰিং কৰাৰ বাবে তেওঁলোকৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাই। আনহাতে অঞ্চলটোৰ ৰাইজে এক ঘটনা সন্দৰ্ভত শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply