ইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা চাব লাগিব ৰাজ্যবাসীয়ে

সোণাৰি : কাইলৈ ষষ্ঠী! শাৰদীয় দুৰ্গা পূজাৰ আনন্দত মতলিয়া ৰাজ্যবাসী। ভিৰ বাঢ়িছে বজাৰত। পিছে এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা চাব লাগিব ৰাজ্যবাসীয়ে। ইতিমধ্যে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে কেতবোৰ বহু নীতি-নিৰ্দেশনা।

সোণাৰিতো দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি দূৰ্গতিনাশিনী দেৱী দূর্গাৰ বন্দনাৰে আৰু কেইটামান ঘণ্টাৰ পাছতে মুখৰিত হব চৌদিশ। তাৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে পূজাথলীৰ লগতে দেৱী প্ৰতিমা নিৰ্মাতা সকলৰ মাজত। দিনে-নিশাই প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে খনিকৰসকল। ৰাজ্যৰ আন ঠাইৰ লগতে সোণাৰিতো একেই পৰিৱেশ। দেৱী প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত খনিকৰসকল। ক’ভিডকালীন পৰিস্থিতিৰ বাবে বিগত সময়ছোৱাত খনিকৰসকল কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও ন উদ্যমেৰে এইবাৰ পুনৰ নিজৰ কামত ব্যস্ত মৃন্ময় মূৰ্তি নিৰ্মাতাসকল।

এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা চাব লাগিব ৰাজ্যবাসীয়ে । পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব আৰু চাৰিওফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। যিকোনো দুগৰাকী লোকৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিড বিধি অনুসৰি কৰিব পৰাকৈ প্ৰতিখন পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।

লগতে পঢ়কঃ ধেমাজীৰ চিচিবৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল কুৰিখনতকৈও অধিক দোকান ভস্মীভূত
পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব ।পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ’বলৈ দিব নোৱাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply