গুৱাহাটী : ১ জুনত বিশ্ব দুগ্ধ দিৱস উপলক্ষে গুৱাহাটীস্থিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে, যাক পুৰবী ডেইৰী বুলি জনা যায়, দুগ্ধ উৎপাদনৰ পাৰিপাৰ্শ্বিক, পুষ্টিগত আৰু আর্থ-সামাজিক দিশবােৰ বিবেচনা কৰি ‘দুগ্ধ খণ্ডত স্থিৰতা’ৰ ওপৰত গুৰুত্ব আৰােপ কৰে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা স্থাপিত এই বছৰৰ বিশ্ব দুগ্ধ দিৱসৰ বিষয়বস্তু আছিল ‘দুগ্ধ খণ্ডত স্থিৰতা’। ইয়াৰ লক্ষ্য হৈছে দুগ্ধপালনক বিশ্বৰ আগত পুনৰ প্ৰৱৰ্তন কৰা, দুগ্ধজাত সামগ্ৰীৰ বাবে এক নিম্নকার্বন ভৱিষ্যত সৃষ্টি কৰাত সহায় কৰা।

এই উপলক্ষে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে অসমৰ দুগ্ধ খেতিয়কসকলৰ বাবে এই সংঘৰ দ্বাৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ অংশীদাৰী ত্বৰান্বিত কৰে। বিভিন্ন ক্ষেত্র-আধাৰিত মধ্যস্থতাৰ জৰিয়তে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে সদায়ে দুগ্ধ সংঘ আৰু ইয়াৰ সৈতে জড়িত কৃষকসকলৰ সৰ্বাধিক লাভালাভ নিশ্চিত কৰাৰ বাবে শক্তিৰ বহনক্ষম উৎসব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰােপ কৰি আহিছে। এই দুগ্ধ সংঘৰ এক বিবৃতিত কোৱা হৈছে, “দুগ্ধ সমবায় সমিতি সমূহত সৌৰ শক্তিচালিত স্বয়ংক্রিয় গাখীৰ সংগ্ৰহ প্রণালী স্থাপন কৰাৰ পৰা আৰম্ভ কৰি দুগ্ধ খেতিয়কসকলক পাইলট ভিত্তিত ফ্লেক্সি বায়ােগেছ প্রণালী প্ৰৱৰ্তন কৰালৈকে, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে দুগ্ধজাত সামগ্ৰীৰ সৈতে সম্পর্কিত সকলাে অংশীদাৰৰ বাবে ব্যয় হ্রাস আৰু সৰ্বাধিক লাভালাভ নিশ্চিত কৰিছে।”

সংগঠনটোৱে ঘােষণা কৰে যে এই ধৰণৰ মধ্যস্ততা বিশ্ব বেংকৰ দ্বাৰা অনুদানপ্রাপ্ত অসম চৰকাৰৰ কৃষি ব্যৱসায় আৰু গ্রাম্য পৰিৱর্তনৰ বাবে APART প্ৰকল্পৰ অধীনতাে আৰম্ভ কৰা হৈছে, য’ত ২২০ তকৈও অধিক সৌৰ শক্তিচালিত স্বয়ংক্রিয় গাখীৰ সংগ্ৰহ প্ৰণালী আৰু দুটা সৌৰ শক্তিচালিত তাৎক্ষণিক গাখীৰ শীতলকৰণ প্ৰণালী দুগ্ধ সমবায় সমিতি আৰু বাল্ক মিল্ক কুলিং চেণ্টাৰক প্ৰদান কৰা হৈছে। লগতে এই বিবৃতিত কোৱা হয়, “সৌৰ শক্তি ব্যৱহাৰৰ লক্ষ্য হৈছে, কার্বন নির্গমন হ্রাস কৰাৰ লগতে কার্যকৰী ব্যয় হ্রাস কৰা, গাখীৰৰ মানদণ্ড উন্নত কৰা আৰু এক স্বচ্ছ গাখীৰ সংগ্ৰহৰ পৰিৱেশ বজাই ৰখা।

ওপৰােক্ত প্রণালীবােৰৰ সফলতা আৰু দক্ষতাৰ প্রতি লক্ষ্য ৰাখি, আহিবলগীয়া সময়ত, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে একত্রিত সাৰ ব্যৱস্থাপনা থকা ফ্লেক্সি বায়ােগেছ মডেল আৰু সমগ্র অসমত সৌৰ শক্তিচালিত যথেষ্ট পৰিমাণৰ গাখীৰ শীতলকৰণ কেন্দ্ৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে”। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ পৰিচালনা সমিতিৰ সদস্য, ভৰত কলিতাই কয় কৰে যে তেওঁলােকৰ উৎপাদিত সামগ্ৰীৰ বাবে এক সুসংগত বজাৰ প্ৰদান কৰাৰ উপৰিও, ২৮ টা পশু চিকিৎসা কার্যবাহী আৰু ৪৫০ৰাে অধিক ভ্রাম্যমাণ কৃত্রিম প্রজনন টেকনিচিয়ানৰ এক সমর্পিত গােটে গাখীৰ উৎপাদনশীলতা বৃদ্ধিত সহায় কৰিছে আৰু এনেদৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’র্ডৰ, চমুকৈ NDDB, ৰেচন বেলেন্সিং কাৰ্যসূচীৰ জৰিয়তে ব্যয় হ্রাস কৰিছে।

এই কাৰ্যসূচীয়ে গৰুৰ বাবে সন্তুলিত ৰেচনৰ ওপৰত গুৰুত্ব দিয়ে। এনে ধৰণৰ পদক্ষেপে ঘটনাক্রমে মিথেন নির্গমন যথেষ্ট হ্রাস কৰে। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে অনুভৱ কৰে যে এনে ধৰণৰ নতুন প্রজন্মৰ পদক্ষেপ আৰু পদ্ধতিয়ে নতুন উদ্যোগীসকলক দুগ্ধ ব্যৱসায়ত প্ৰৱেশ কৰিবলৈ আৰু অসমত দুগ্ধ সমবায় আন্দোলন শক্তিশালী কৰিবলৈ উৎসাহিত কৰিছে। তদুপৰি, নাগৰিকসকলৰ, বিশেষকৈ চহৰবাসীসকলৰ পুষ্টিৰ ক্রমান্বয়ে বর্ধিত প্রয়ােজনীয়তাই দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে কৃষকসকলক জীৱিকাৰ এক অনন্য সুযােগ প্রদান কৰে – কিয়নাে গাখীৰ আৰু দুগ্ধ-আধাৰিত সামগ্রী হৈছে পুষ্টি প্রদান কৰাৰ এক আদর্শ উপায়।

আৰু পঢ়কঃ সোণাৰি নগৰত টাইপা চৰাইদেউ জিলা সমিতিৰ চেনিটাইজেচন কাৰ্যসূচী

২০১৮ চনৰ এই দিনটোতে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে NDDB আৰু টাটা ট্রাষ্টৰ (TINI) সহযােগত সমৃদ্ধিৰ বাবে FSSAIৰ কার্যসূচী প্ৰৱৰ্তন কৰা ভাৰতৰ প্ৰথম সমবায় গাখীৰ সংঘ হৈ উঠিছিল। খাদ্য শক্তিশালী কৰাৰ এই পদক্ষেপে সমগ্র জনসংখ্যাৰ ক্ষুদ্র পুষ্টিৰ অভাৱ দূৰ কৰাত এক দীঘলীয়া পথ অতিক্রম কৰিব। পুৰবী ডেইৰী অসমৰ সতেজ দুগ্ধ বজাৰৰ অগ্ৰণী হােৱা বাবে গ্ৰাহকসকলক অত্যাৱশ্যকীয় গাখীৰ আৰু গাখীৰ সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰিছে আৰু ইয়াৰ দ্বাৰা কৃষকসকলৰ পৰা গাখীৰ সংগ্ৰহৰ ধাৰাবাহিকতা বজাই ৰাখিছে, লগতে ৰাজ্য চৰকাৰৰ সমৰ্থনত কোভিডৰ সীমাবদ্ধতাৰ সময়তাে গ্রাহকসকলক দৈনিক দুগ্ধ-আধাৰিত পুষ্টি যােগান নিশ্চিত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply