নিউজ ডেস্কঃ সংগ্ৰামী নেতা, খটৰা সত্ৰৰ প্ৰাক্তন সভাপতি পূৰ্ণকান্ত মহন্ত আৰু নাই। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মহন্ত। দেওবাৰে পুৱা বামুণঝাৰৰ বাসগৃহত মৃত্যু হয় তেওঁৰ।
উল্লেখ্য যে, ১৯৪৩ চনত জন্ম গ্ৰহণ কৰা মহন্তই ১৯৬৯ চনত সেৱা সুৰক্ষা বাহিনীত যোগদান কৰিছিল।
তাৰপাছত ১৯৯২ চনত বিভাগটোৰ পৰা উপ পৰিদৰ্শক ৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা মহন্তই চাকৰি কালত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কেন্দ্ৰৰ পৰা একাধিক বাৰ পুৰস্কৃত হৈছিল। সংগ্ৰামী নেতাজনৰ মৃত্যুৰ খবৰ বিয়পাৰ লগে লগে সমগ্ৰ জিলাখনত শোকৰ ছাঁ পৰে।