নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে পুষ্কৰ সিং ধামীয়ে। ৰাজ্যখনৰ দ্বাদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত লয় ধামীয়ে। দেহৰাডুনৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

লগতে উপস্থিত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ অধ্যক্ষ জে পি নড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমচলপ্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ।

উল্লেখযোগ্য যে, উত্তৰাখণ্ডৰ ৰাজ্যপাল জেনেৰেল গুৰমিত সিঙে (অৱসৰপ্ৰাপ্ত) শপত বাক্য পাঠ কৰাই মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ পাছতে মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰে সতপাল মহাৰাজ আৰু প্ৰেম চন্দ অগ্ৰৱালে। প্ৰেম চন্দ্ৰ অগ্ৰৱালে সংস্কৃত ভাষাতে নিজৰ শপত বাক্য পাঠ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply